২০২৫ চন শেষ হ’বলৈ আৰু মাত্ৰ ২মাহ৷ আৰম্ভ হ’ব ২০২৬ চন৷ ২০২৬ চনত মুঠ ৪টা গ্ৰহণ আছে৷ যাৰ মাজত ২ টা সূৰ্যগ্ৰহণ আৰু ২ টা চন্দ্ৰগ্ৰহণ আছে৷ আগন্তুক বছৰৰ ১৭ ফেব্ৰুৱাৰীত সূৰ্যগ্ৰহণ, ৩ মাৰ্চত চন্দ্ৰগ্ৰহণ, ১২ আগষ্টত সূৰ্যগ্ৰহণ আৰু ২৮ আগষ্টত চন্দ্ৰগ্ৰহণ হ’ব৷ ইয়াৰোপৰি শনি, গুৰু, ৰাহু-কেতুৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰহ গোচৰো হ’ব৷ এইসমূহৰ প্ৰভাৱ ৫ ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ জানি থওক কোন কোন ৰাশিৰ ভাগ্যৰ তলা খুলিব ২০২৬ চনত?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চন সন্তোষপূৰ্ণ হ’ব৷ কোনো ডাঙৰ সমস্যাৰ পৰা স্বস্তি পাব পাৰে৷ কেৰিয়াৰত গুৰুত্বপূৰ্ণ উন্নতি আৰু স্থিৰতা অহাৰ সম্ভাৱনা আছে৷ আৰ্থিক দিশ মজবুত হ’ব৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চনত কিছু ডাঙৰ উপলব্ধি অৰ্জন কৰাৰ সুযোগ আহিব৷ যাৰ কাৰণে এই বছৰটো আপোনাৰ বাবে উল্লেখনীয় হ’ব৷ কেৰিয়াৰত স্থিৰতা, সফলতা আৰু গুৰুত্বপূৰ্ণ পদোন্নতি পাব৷ আপুনি নতুন কোনো দায়িত্ব এই সময়ত পাব পাৰে৷ ব্যৱসায়চ নতুন সুযোগ পাব৷ পাৰিবাৰিক জীৱনলৈ সুখ আহিব৷
সিংহ ৰাশি
২০২৬ চনে এই ৰাশিৰ জাতকৰ জীৱনলৈ একাধিক ইতিবাচক ফল কঢ়িয়াই আনিব৷ আপোনাৰ অৰ্থ বাঢ়িব৷ কেৰিয়াৰৰ বাবে এই সময় উন্নতিদায়ক হব৷ জীৱনত সুখ বাঢ়িব৷ আৰ্থিক দিশ মজবুত হ’ব৷
তুলা ৰাশি
তুলা ৰাশিৰ বাবে ২০২৬ চনে কেৰিয়াৰত বৃহৎ উন্নতি আনি দিব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ হ’ব৷ লাভ বাঢ়িব৷ ইয়াৰ সৈতে ব্যৱসায়ত উন্নতি হ’ব৷ জীৱনৰ অন্য দিশসমূহত মনোযোগ ৰাখিবলৈ নাপাহৰিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে ২০২৬ চনে একাধিক সুখবৰ কঢ়িয়াই আনিব৷ অৰ্থ সম্পত্তি বাঢ়িব৷ কিছু জাতকে নিজা বাহন ক্ৰয়ৰ সুযোগ পাব৷ কেৰিয়াৰত উন্নতি হ’ব৷ যাৰ ফলত আপুনি সুখী জীৱন কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















