জীৱনত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিলে কেতিয়াও অৰ্থকষ্টৰ মাজত নপৰে৷ সমৃদ্ধিৰ দেৱীৰ কৃপা থাকিলে সকলো কামেই সহজে সম্পন্ন হয়৷ কিন্তু বহু সময়ত আমি হঠাৎ আৰ্থিক সংকটৰ মুখত পৰো তেতিয়া পৰিয়ালত অশান্তিৰ পৰিবেশ বাঢ়ে৷ যেতিয়া লক্ষ্মী ৰুষ্ট হয় তেতিয়া বিদায় লয় ঘৰৰ পৰা৷ সমৃদ্ধিৰ দেৱীৰ বিদায় লোৱাৰ ইংগিত দিয়ে এইসমূহ ঘটনাই৷ জানি থওক কি কি ঘটনা দেখিলে বুজিব যে লক্ষ্মী আপোনাৰ ওপৰত ৰুষ্ট হৈছে৷
তুলসী গছ শুকাই যোৱা
টিউবেল বা পানীৰ টেপৰ পৰা পানী পৰা
গহনা হেৰুওৱা
যদি সপোনত বাৰে বাৰে টকা হেৰুওৱা দেখে তেন্তে সতৰ্ক হওক, এয়া অশুভ লক্ষণ৷ মা লক্ষ্মী কোনো কাৰণত আপোনাৰ ওপৰত ৰুষ্ট হৈ আছে এই সপোন তাৰেই ইংগিত৷ এই পৰিস্থিতিত লক্ষ্মী নাৰায়ণৰ পূজা কৰিলেই কিছু ৰেহাই পাব পাৰে৷
ৰুপৰ মুদ্ৰা হেৰুওৱা
ৰূপৰ মুদ্ৰা মা লক্ষ্মীৰ বাস বুলি কোৱা হয়৷ সেয়ে অক্ষয় তৃতীয়া আৰু ধনতেৰছত ৰূপৰ মুদ্ৰা ক্ৰয় কৰাৰ ৰীতি প্ৰচলিত আছে৷ কিন্তু ৰূপৰ মুদ্ৰা হেৰাই যোৱাটো অত্যন্ত অশুভ৷ ইয়াৰ অৰ্থ মা লক্ষ্মীয়ে খং কৰি বিদায় লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ