অন্য এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ৮৭ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ পাশৱিক এক ঘটনাৰ তথ্য পোহৰলৈ আহিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে দেশৰ ৰাজধানী দিল্লীৰ তিলক নগৰত এই জঘন্য ঘটনা সংঘটিত হৈছে৷
তিলক নগৰত ৬৫ বছৰীয়া নিজ কন্যাৰ সৈতে বসবাস কৰা ৮৭ বছৰীয়া বৃদ্ধাগৰাকী কন্যা ঘৰত নথকাৰ সুযোগত কোনো অচিনাক্ত লোকে ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰে৷
বৃদ্ধাগৰাকীৰ কন্যাই প্ৰকাশ কৰা অনুসৰি দুপৰীয়া ১২.৩০ বজাৰপৰা ১.৩০ বজাৰ ভিতৰত কোনো অচিনাক্ত দুৰ্বৃত্তই এই জঘন্য কাণ্ড সংঘটিত কৰে৷
ধৰ্ষণ কাণ্ডটো সংঘটিত কৰিয়ে লোকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু ফাটি থকা পোছাক আৰু ৰক্তক্ষৰণ হৈ থকা অৱস্থাত বৃদ্ধাগৰাকী নিজ কন্যাই উদ্ধাৰ কৰে৷ ঘটনাৰ সন্দৰ্ভত বৃদ্ধাগৰাকীৰ কন্যাই সোমবাৰে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে বৃদ্ধাগৰাকীক ধৰ্ষণ কৰি লোকজনে কিছু নগদ ধনসহ এটা মোবাইল ফোনো চুৰি কৰি লৈ গৈছে৷
ভু্ক্তভোগী বৃ্দ্ধাগৰাকীৰ কন্যাৰ অভিযোগ পিছতে অৰক্ষীয়ে গোচৰ ৰুজু কৰি ধৰ্ষণকাণ্ড সংঘটিত কৰা লোকজনৰ সন্ধানত তালাচী আৰু তদন্ত আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ