এইবাৰ মহাৰাষ্ট্ৰৰ পিছত তেলেংগনাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷
কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ কৰি তেলেংগনাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে৷
সোমবাৰে ৰাজ্যখনৰ কে’বাটাও আৰক্ষী থানাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ দাবী জনাই তেলেংগনা কংগ্ৰেছৰ নেতা-কৰ্মীয়ে এজাহাৰ দাখিল কৰিছে৷
ৰাজ্যখনৰ বিভিন্ন থানাত কংগ্ৰেছ নেতা-কৰ্মীয়ে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত অপৰাধমূলক গোচৰ ৰুজুৰ কৰি তেলেংগনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱনাথ ৰেড্ডীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে৷
সভাপতি ৰেড্ডীয়ে মাতৃত্ববোধ আৰু মহিলাক অপমান তথা অৱমাননা কৰা অভিযোগত ডঃ শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩(এ) আৰু ৫০৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰৰ দাবী কৰিছে৷
ৰেড্ডীয়ে মাতৃত্ব আৰু নাৰীক অপমান কৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাক দাবী জনাইছে৷
লোকসভাৰ সাংসদ ৰেড্ডীৰ লগতে ৰাজ্যখনৰ জ্যেষ্ঠ কেংগ্ৰেছী নেতা মহম্মদ আলি ছব্বিৰ, অঞ্জন কুমাৰ যাদৱ, চম্পট কুমাৰসহ আৰু কংগ্ৰেছী নেতাই তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক অসমলৈ তেলেংগনা আৰক্ষীৰ এটা বিশেষ দল প্ৰেৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী কৰিছে৷
তেলেংগনা আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ নকৰিলে ৰাজ্যখনৰ আৰক্ষী মহাপৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব বুলিও ঘোষণা কৰিছে তেলেংগনা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ