অসম লাইভ ২৪ঃ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় অসম বিধানসভাৰ চতুৰ্দ্দশ অধিবেশন। শিৱসাগৰ সমষ্টিৰ বিধায়কৰূপে শপত গ্ৰহণ কৰে অখিল গগৈয়ে। বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈক। এখন চিটী বাছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে gmchৰ পৰা বিধানসভালৈ অনা হয় অখিল গগৈক। বিধানসভা চৌহদৰ প্ৰৱেশ দ্বাৰত নিৰাপত্তাৰ নামত আৰক্ষীয়ে টনা-আঁজোৰা কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। সংবাদ মাধ্যমৰ পৰাও আঁতৰাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰকীয়ে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো অভিযোগ দাখিল কৰে বিধায়ক অখিলে। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে তদন্ত কৰিবলৈ দায়িত্ব দিয়ে সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাক। বিধায়ক হিচাপে শপত লোৱাৰ পূৰ্বে অখিল গগৈয়ে হুংকাৰ দি কয়- ‘মোক হত্যা কৰিব পাৰিব কিন্তু মোৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব’। অখিল গগৈক কেৱল এদিনৰ বাবে বিধানসভাত উপস্থিত থকাৰ অনুমতি প্ৰদান কৰে niaৰ আদালতে। কিন্তু সময়সীমা বৃদ্ধি কৰিবলৈ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীক আৱেদন জনোৱা হ’ব বুলি উল্লেখ কৰে অখিল গগৈয়ে। শপত গ্ৰহণ কৰিয়েই শিৱসাগৰবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে অখিল গগৈয়ে। তাৰোপৰি অখিল গগৈৰ জয়েৰে শিৱসাগৰবাসীয়ে ইতিহাস ৰচিলে বুলি উল্লেখ কৰি অসমবাসীৰ অধিকাৰপ্ৰাপ্তিৰ বাবে কৰা সংগ্ৰামখন আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















