অসম লাইভ ২৪ঃ শনিবাৰৰ দিনটো ক্ৰীড়াপ্ৰেমী বাবে আছিল এটা ক’লা দিন। খেল চলি থকাৰ মাজত হোৱা দুটা দুর্ঘটনাই ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি কৰিলে আতংকৰ। শনিবাৰে আছিল ইউৰো কাপৰ ডেনমার্ক আৰু ফিনলেণ্ডৰ মাজত খেল। পিছে খেল চলি থকাৰ মাজতে ঢলি পৰিল ক্ৰিচিয়ান এৰিকচন নামৰ ফুটবলাৰজন। এই ঘটনাই আতংকৰ সৃষ্টি কৰিলে ফুটবলপ্ৰেমীৰ মাজত। টুইটাৰত ট্ৰেণ্ডিং হ’ল প্ৰে ফৰ এৰিকচন। একেদৰে ক্ৰিকেটপ্ৰেমীসকলৰ বাবেও আতংকৰ দিন আছিল শনিবাৰ দিনটো। আবু ধাবীত অনুষ্ঠিত হোৱা এখন মেচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ফ্যেফ ডুপ্লেচি। সম্প্ৰতি দুয়োগৰাকী খেলুৱৈ চিকিৎসাধীন হৈ আছে। চিকিৎসকে দুয়োৰে স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ