• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱসাগৰত প্ৰাৰ্থী হওক অখিল গগৈ

শিৱসাগৰত প্ৰাৰ্থী হওক অখিল গগৈ

6 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

8 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

9 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

10 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

11 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

12 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

13 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

14 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱসাগৰত প্ৰাৰ্থী হওক অখিল গগৈ

বিৰোধী ঐক্যৰ বিজয় হ’ব শাসকীয় দলৰ বাবে মোক্ষম আঘাত

editor by editor
July 9, 2020
in অসম, লেখা
0
শিৱসাগৰত প্ৰাৰ্থী হওক অখিল গগৈ
205
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ আজি পুৱাই টিভিত দেখিলো। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত এতিয়াও কোনো নিশ্চয়তা পোৱা নাই। যি কি নহওক, এওঁলোকৰ এনেকুৱা এটা খবৰ যে এদিন নহয় এদিন আহিব সেইটো আমাৰ বাবে কেৱল মাথোঁ সময়ৰ অপেক্ষাহে আছিল। ক’ৰোনাৰ সংক্ৰমণ অসমত আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক সময়তে অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে জে’লৰ ভিতৰত অখিল গগৈ আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থবৃন্দ ক’ৰোনাত সংক্ৰমিত হোৱাৰ আশংকা ব্যক্ত কৰি মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে লগ ধৰি মুক্তি দিয়াৰ আহ্বান জনাইছিল। কিন্তু ৰাজ্য চৰকাৰখনে সঁহাৰি দিয়াৰ পৰিৱৰ্তে আক্ৰোশমূলকভাৱে অখিলৰ ওপৰত ইটোৰ পিছত সিটো অতিৰিক্ত গোচৰহে জাপি দিলে।

যি সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত একেটা বাথৰূম-শৌচাগাৰ ব্যৱহাৰ কৰিলে দ্ৰুতভাৱে সংক্ৰমণ বৃদ্ধি পায় বুলি কেইবাবাৰো ব্যক্ত কৰিছে। তেনে প্ৰেক্ষাপটত হাজাৰ হাজাৰ লোকে কাৰাগাৰৰ ভিতৰত মাত্ৰ কেইটামান শৌচাগাৰ, গা ধোৱা ঘৰ, একেবোৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা ঠাইত কিয় গগৈক আক্ৰোশমূলকভাৱে আবদ্ধ কৰি ৰখা হ’ল ? কিয় অখিল গগৈ আৰু তেওঁৰ সংগীবৃন্দই শাসক গোষ্ঠীক বাৰম্বাৰ তেওঁলোকে জ্বৰত ভুগি থকা বুলি অৱগত কৰাৰ পিছতো কোভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা নাছিল ? যি সময়ত চৰকাৰে ঘৰে ঘৰে গৈ পৰীক্ষা কৰাৰ পোষকতা কৰি আছে, তেনেস্থলত কিয় কোভিড পৰীক্ষা কৰিবলৈ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হ’ল? এনেবোৰ বহুত প্ৰশ্নৰ আজি অৱতাৰণা হৈছে।

শাসকীয় বিজেপি চৰকাৰখনে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পৰিৱৰ্তনৰ দোহাই দি অসমৰ জাতি-মাটি-ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল । বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা, বিদেশী বিতাড়ন, অসম চুক্তিক আখৰে আখৰে পালন কৰা ইত্যাদি ইত্যাদি প্ৰতিশ্ৰুতি যে চৰকাৰখনৰ কেৱল নিৰ্বাচনত জয় হোৱাৰ বাবে এটা ৰাজনৈতিক চতুৰালি আছিল, সেইটো আজি প্ৰমাণ হৈ গৈছে। বিশেষকৈ অসম চুক্তিক সম্পূৰ্ণভাৱে নস্যাৎ কৰা ‘কা’ আৰু কেন্দ্ৰীয় চৰকাৰে চুক্তিখনৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদনৰ ক্ষেত্ৰত লোৱা নিৰ্লিপ্ত ভূমিকাই আমাক সকলোকেই আজি আচৰিত কৰি তুলিছে। সেইবাবেই অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ অনা চৰকাৰখনে অসমৰ ৰাইজৰ ওচৰত আজি নিজেই জাতিদ্ৰোহিতাত অভিযুক্ত কিয় নহ’ব!

এনে পৰিপ্ৰেক্ষিতত চৰকাৰখনে তেওঁলোকৰ সকলো প্ৰতিশ্ৰুতিতে পাভলুটি মৰাৰ বাবে সাম্প্ৰতিক সময়ত অখিল গগৈ অসমৰ লাখ লাখ জনগণৰ প্ৰতিবাদী কন্ঠ হৈ উঠিছে। বিগত সময়ছোৱাত চৰকাৰৰ কৰ্মকাণ্ডবোৰৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে প্ৰতিবাদ কৰি তেওঁলোকৰ ছদ্ম অসম প্ৰেমক ৰাইজৰ ওচৰত উদঙাই দিয়াত অখিল গগৈৰ বিশেষ অৰিহণা আছিল । প্ৰশ্নৰ সন্মুখীন হ’বলৈ ভাল নোপোৱা চৰকাৰখনক জাতীয় স্বাৰ্থত অখিল গগৈয়ে প্ৰশ্ন কৰি আহিছিল। ‘কা’ আন্দোলনক প্ৰশমিত কৰা, নদীবান্ধৰ কাম পুনৰ আৰম্ভ, পাৰাই পাৰাই টোলগে’টৰ নামত গুণ্ডা কৰ সংগ্ৰহ কৰা ইত্যাদি কাৰ্যৰ বাবে NIAৰ দৰে নিষ্ঠুৰ (draconian) আইনৰ অধীনত অখিল গগৈক আজি ৰাষ্ট্ৰদ্ৰোহী সজোৱা হৈছে ।

চৰকাৰৰ এই জনবিৰোধী স্বৈৰাচাৰী শাসনৰ উপযুক্ত প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিবলৈ হ’লে অখিল গগৈ আৰু তেওঁৰ সংগীবৃন্দক ন্যায় দিয়াৰ সংগ্ৰামখন সামাজিক মাধ্যম আৰু টিভিৰ পৰ্দাৰ পৰা জনগণৰ মাজলৈ লৈ যাব লাগিব আৰু লগতে ৰাজনৈতিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। তেতিয়াহে অখিল গগৈৰ ন্যায় সম্ভৱ হ’ব । ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবলৈ হ’লে; যদি আগন্তুক দিনত শিৱসাগৰ বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয় অসমৰ ৰাইজৰ তথা ‘কা’বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অখিল গগৈক কাৰাগাৰৰ ভিতৰৰ পৰাই প্ৰক্ষেপিত কৰিব লাগিব । বিগত সময়ছোৱাত ৰাজ্যৰ কংগ্ৰেছ দলটোই ‘কা’ আন্দোলনকে ধৰি অসমৰ প্ৰায় সকলো জাতীয় সমস্যাত মাত মাতি আহিছে। যদিহে তেওঁলোকৰ এই প্ৰতিবাদ কেৱল ক্ষমতাকেন্দ্ৰিক নহয়, তেতিয়াহ’লে দলটোৱে অখিল গগৈৰ প্ৰাৰ্থিত্বক সমৰ্থন দি অসমৰ লাখ লাখ প্ৰতিবাদী কণ্ঠৰ সংগ্ৰামী সত্তাৰ অংশীদাৰ হওক। কাৰণ, অহংকাৰত ফাটি-ফুটি যোৱা শাসকীয় দলটোক ৰাজনৈতিকভাৱে এটা উপযুক্ত শিক্ষা দিয়াৰ এয়াই হ’ল সুৱৰ্ণ সময় আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত ‘ভাজপা’ৰ বাবে হ’ব মোক্ষম আঘাত।

(লেখকঃ ৰাছেল হুছেইন অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক বিশ্লেষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam live 24axom live 24himanta biswa sarmakmssrasel hussein
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
PPE কিট্ পৰিধান কৰি GMCHত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

PPE কিট্ পৰিধান কৰি GMCHত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰি আটক প্ৰতিবাদকাৰী

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰি আটক প্ৰতিবাদকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.