অসম লাইভ ২৪ঃ শ্বেৰমান আলীৰ বক্তব্যই জুই জ্বলাইছে ৰাজ্যত। ৰাজপথত আঠুকাঢ়ি অসম বাসীক ক্ষমা খোজাৰ দাবী অসমীয়া যুৱ মঞ্চৰ। ইফালে, হাতীগাঁও থানাত শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ৷ চহিদক লৈ অপমানসূচক মন্তব্য কৰাৰ বাবে ৰুজু কৰা হৈছে গোচৰ৷ কংগ্ৰেছ দলৰ পৰা বিধায়কগৰাকীক বহিষ্কাৰ কৰাৰো দাবী তুলে সংগঠনটোৱে৷ তদুপৰি, লখিমপুৰ নগৰত শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি বাংলাদেশীৰ ৰক্ষকৰ দপদপনি নচলিব বুলি হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই। শীঘ্ৰেই ক্ষমা নুখুজিলে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ’ব বুলিও সকিয়নী দিয়ে অসমীয়া যুৱ মঞ্চই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ