• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৱাৰ খোলাৰ গান

দুৱাৰ খোলাৰ গান

6 years ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

25 minutes ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

1 hour ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

2 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

4 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

5 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

6 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

19 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুৱাৰ খোলাৰ গান

editor by editor
July 19, 2020
in অসম, ক'ভিড-১৯, লেখা
0
দুৱাৰ খোলাৰ গান
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধন থাকিলে সদাগৰে সোণৰ পালেং কিনে। ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে প্ৰতিজন নাগৰিকক মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে আৰু ইয়াৰ পাছত ধনী ব্যৱসায়ীয়ে সোণ আৰু হীৰা খটোৱা মাস্ক পিন্ধি চমক সৃষ্টি কৰিছে। এই সময়তো অসমত, ভাৰতত এনেকুৱা বহু লোক আছে, যি ১০ টকা ব্যয় কৰি নিজৰ বাবে এখন মাস্ক ক্ৰয় কৰাটো দুঃসাধ্য। বৰ্তমান ভাৰতৰ আৰ্থিক বিপৰ্যয়ে চৰম সীমা অতিক্ৰম কৰিছে। ১০০ বছৰত ভাৰতৰ অৰ্থনীতিৰ যি দুৰ্দশা হোৱা নাছিল, সেয়া এই চাৰি মাহতে হ’বলৈ ধৰিছে বুলি ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে ঘোষণা কৰিছে। ভাৰতত বা অসমত এই অৰ্থনৈতিক বিপৰ্যয় এদিনতে অহা নাই। দুখেৰে ক’ব বিচাৰো যে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পাছতে আগ-পিছ নুগুণি গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ বাবে ভাৰতবৰ্ষৰ অৰ্থনীতি বিপৰ্যয়ৰ মাজলৈ গতি কৰিছিল। ভাৰতত ক’ৰোনাৰ সংক্ৰমণ তথা আগমন এই বছৰৰ ২৪ মাৰ্চত হোৱা বুলি চৰকাৰেই স্বীকাৰ কৰিছে। কিয়নো এই দিনটোৰ পৰাই আজিলৈকে চাৰি মাহে ভাৰতত লকডাউন, আনলক কাৰ্যসূচী চলি আছে।

নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত গ্ৰহণ কৰা বিমুদ্ৰাকৰণ আছিল ভাৰতৰ অৰ্থনীতি ধ্বংস কৰাৰ প্ৰথমটো পদক্ষেপ। ইয়াৰ পাছত ভাৰতৰ অৰ্থনীতিয়ে ক্ৰমাৎ অধোমুখী যাত্ৰা আৰম্ভ কৰে। ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে হঠাতে বিমুদ্ৰাকৰণ ঘোষণা কৰি ৫০০ আৰু ১০০০ টকীয়া নোটবোৰ অচল কৰি দিছিল। ইয়াৰ পাছতে বিশেষ বিমানত প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ উৰা মাৰিছিল। বিদেশৰ পৰা উভতি আহি ১২ নৱেম্বৰত গোৱাৰ এখন বিশাল সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে হুকহুকাই কান্দি ৰাইজৰ পৰা মাত্ৰ ৫০ দিন বিচাৰিছিল। এই ৫০ দিনত ভাৰতৰ অৰ্থনৈতিক বিপৰ্যয় মষীমূৰ কৰি দেশখনক সুস্থিৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৫০ দিন পাৰ হ’ল। ২০১৬ চনৰ পৰা এইপৰ্যন্ত প্ৰায় ৪ বছৰ হ’বৰ হ’ল। বিমুদ্ৰাকৰণৰ কুপ্ৰভাৱৰ পৰা দেশ মুক্ত নহ’ল।

যিকেইটা কাৰণত প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ দৰে আঁচনি গ্ৰহণ কৰিবলগীয়া হ’ল বুলি ঘোষণা কৰিছিল, কেউটা কাৰণেই পৰৱৰ্তী সময়ত ভুল বুলি প্ৰমাণিত হৈছে। ৰিজাৰ্ভ বেংকেই ১০০ শতাংশৰ অধিক পুৰণি নোট উভতি আহিল বুলি কোৱাৰ পাছত প্ৰধানমন্ত্ৰী আৰু বিজেপি নেতাসকলৰ মুখত বিমুদ্ৰাকৰণৰ সফলতাৰ কথা নোলোৱা হ’ল। এনেদৰে দেশৰ অৰ্থনীতি বিধস্ত হৈ পৰাৰ সময়ত কৰ’না ভাইৰাছৰ আগমনে অসম তথা ভাৰতক কঙাল কৰি পেলালে। আচলতে ভাৰতবৰ্ষ মোদী চৰকাৰৰ কেতবোৰ আজব সিদ্ধান্তৰ বাবে কঙাল হৈ পৰিছে।

ভাষণ আৰু সপোনৰ মাৰ্কেটিঙৰ দ্বাৰা আজিলৈকে দেশ চলালে। এতিয়া অসমত ক’ৰোনা ভাইৰাছৰ নামত যিবোৰ কৰ্মকাণ্ড সংঘটিত হ’বলৈ ধৰিছে, এইবোৰে জনসাধাৰণক লাহে লাহে বিতুষ্ট কৰি তুলিছে। আই চি এম আৰেও অসমৰ স্বাস্থ্যমন্ত্ৰীক সাৱধানবাণী শুনাই ক’বলৈ লৈছে যে ব্যুৰোক্ৰেট আৰু ৰাজনীতিকে বন্ধ কোঠাত বহি ক’ৰোনা ভাইৰাছ নিয়ন্ত্ৰণৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ বিচাৰিলে নহ’ব।

বন্ধ কোঠাত লোৱা সিদ্ধান্তই অসমত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস কৰিব পৰা নাই। পৰীক্ষামূলকভাৱে চৰকাৰে ২৪ মাৰ্চৰ পৰা আজিলৈকে বিভিন্ন প্ৰকাৰৰ তলাবন্ধ বলৱৎ কৰি মানুহক জীয়াই জীয়াই মাৰিছে। বিমুদ্ৰাকৰণ আৰু জি এছ টিয়ে অসমৰ সৰু, মজলীয়া, বৃহৎ সকলো উদ্যোগী আৰু ব্যৱসায়ীক বিধ্বস্ত কৰি পেলাইছে। এওঁলোকক চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ সকাহ দিব পৰা নাই। ইয়াৰ উপৰি উপাৰ্জনহীন, কৰ্মহীন লোকৰ ওপৰত বিভিন্ন কৰ-কাটলৰ বোজা জাপি দিয়া হৈছে। পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে নিজা কৰ বহুওৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট স্থাপন কৰি কৰ আদায় কৰিছে। এই মুহূৰ্তত আহোতে আৰু যাওঁতে দুখনকৈ টোলগে’টত কৰ দি মৰিগাঁও আৰু নগাঁও জিলাৰ ৰাইজ আটাইতকৈ সুখী! কিয়নো ইয়াৰ বিনিময়ত তেওঁলোকে পীয়ুষ হাজৰিকা আৰু কেশৱ মহন্তক মন্ত্ৰী হিচাপে পাইছে।

ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ, ৰাইজৰ মতক গুৰুত্ব নিদিয়াকৈ তলাবন্ধ জাপি দিয়াত অসমৰ ব্যৱসায়-বাণিজ্য সমূলি ধ্বংস। এই মুহূৰ্তত তলাবন্ধ প্ৰত্যাহাৰ কৰি আটাইবোৰ দোকান-পোহাৰ, হাট-বজাৰ খুলি দিলেও ব্যৱসায়-বাণিজ্য ঘূৰি আহিবলৈ কমেও দুবছৰৰ প্ৰয়োজন হ’ব। হোটেলৰ ব্যৱসায় বন্ধ, ৰেষ্টুৰেণ্ট বন্ধ, অ’লা-উবেৰৰ জৰিয়তে ৰাজ্যখনৰ লক্ষাধিক লোকে জীৱন নিৰ্বাহ কৰিছিল, এয়াও বন্ধ। বৰপেটাত এমাহতে তিনিজনকৈ গাড়ীচালকে আত্মহত্যা কৰিছে। অন্ধকাৰ ভৱিষ্যৎ সহিব নোৱাৰি গুৱাহাটীতো যুৱকে আত্মহত্যা কৰিছে। অসমৰ বিভিন্ন স্থানত তৰুণ প্ৰজন্মৰ মাজত হতাশাগ্ৰস্ততাই বিৰাজ কৰিছে আৰু ইয়াৰ পৰা মোক্ষ প্ৰাপ্তিৰ বাবে আত্মহত্যাৰ পথ লৈছে। ২৫-৪০ বছৰ বয়সৰ তৰুণ প্ৰজন্মৰ সন্মুখত চৰকাৰে তলাবন্ধৰ বিভীষিকা জাপি দিয়াৰ লগতে ক’ৰোনা ভাইৰাছৰ আতংক মেলি দিছে। চৰকাৰে জীৱন অচল কৰি পেলোৱাৰ পৰিণামত এইটো প্ৰজন্মই বাছি লৈছে আত্মহত্যাৰ দৰে চৰম নিদাৰুণ আৰু নিকৰুণ পথ। যুৱপ্ৰজন্মক আত্মহত্যাৰ মুখলৈ ঠেলি দিয়াৰ বাবে অসম চৰকাৰ জবাবদিহি নহ’বনে?

তলাবন্ধ মানি লৈ ঘৰৰ ভিতৰত কিমান দিন এজন মানুহ সোমাই থাকিব পাৰিব। চাৰি মাহ ধৰি ৬৫ ঊৰ্ধ্বৰ লোকসকল ঘৰৰ ভিতৰত সোমাই আছে। ৬৫ ঊৰ্ধ্বৰ বেছিভাগ লোক চাকৰিৰ পৰা অৱসৰ পোৱা। এওঁলোকে পেঞ্চন লাভ কৰে। যিসকল চৰকাৰী চাকৰিয়াল নহয়, তেওঁলোকৰ বেছিভাগ এই বয়সত আৰ্থিকভাৱে স্বাধীন নতুবা পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল। এওঁলোকৰ সন্মুখলৈ হতাশা নাহিবও পাৰে! ইয়াৰ বিপৰীতে ২৫-৪০ বছৰ বয়সৰ প্ৰজন্মৰ বেছিভাগেই নিজাকৈ ব্যৱসায় কৰে। যিহেতু চৰকাৰী চাকৰি বুলিবলৈ এতিয়া আৰু একো নাই। ১৮ জুলাইত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোনা থকালৈকে কোনো চৰকাৰী নিযুক্তি নহয় বুলি ঘোষণা কৰাৰ পাছত তৰুণ প্ৰজন্মৰ শেষ আশাকণো নিৰ্বাপিত হ’ল। ব্যৱসায়-বাণিজ্য তথা স্বাধীনভাৱে নিজৰ ভাতমুঠি যোগাৰ কৰাৰ সংগ্ৰামত জড়িত যুৱপ্ৰজন্মক ৫ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম দাইল দি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব বিচৰাৰ পৰিণাম আগন্তুক সময়ত অধিক ভয়াৱহ হৈ পৰাটো নিশ্চিত। অসম চৰকাৰে ক’ৰোনাবিৰোধী যুঁজৰ সমান্তৰালভাৱে আৰ্থিক স্বচ্ছলতা ঘূৰাই অনাৰ লগতে সমাজখনলৈ, চহৰখনলৈকো জীৱনৰ ছন্দ ঘূৰাই অনাৰ বাবে কোনো পদক্ষেপ লোৱা নাই।

 

ধন থাকিলে মন্ত্ৰী-সদাগৰে সোণৰ পালেং কিনিব পাৰিব। কিন্তু আমি সকলোৱে মনত ৰখা দৰকাৰ যে সোণৰ পালেং কিনাৰ দৰে টোপনি কোনেও কিনিব নোৱাৰে। ক্ষমতা আৰু ধনৰ পাছত দৌৰা মন্ত্ৰীৰ টোপনি নাই, এই মন্ত্ৰীয়ে এতিয়া অসমৰ তৰুণ প্ৰজন্মক আৰ্থিক দুৰৱস্থাৰ মাজলৈ ঠেলি দি তেওঁলোকৰো টোপনি কাঢ়ি লোৱাৰ অধিকাৰ ক’ত পালে?

(লেখক জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19 assamJitumani bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!
জীৱনশৈলী

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

April 20, 2026
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

April 20, 2026
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

April 20, 2026
Next Post
সময়ত CAA বিৰোধী জুইকুৰা আকৌ জ্বলিব

সময়ত CAA বিৰোধী জুইকুৰা আকৌ জ্বলিব

শীঘ্ৰেই অৱসান ঘটিব গণেশগুৰিৰ যান-জঁটৰ

শীঘ্ৰেই অৱসান ঘটিব গণেশগুৰিৰ যান-জঁটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.