এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ বৰ্তমান পয়সত্তৰ বছৰ সম্পূৰ্ণ হ’ল। এই পয়সত্তৰ বছৰৰ ভিতৰত প্ৰকৃতাৰ্থত এখন অগতানুগতিক ,অভূতপূৰ্ব চৰকাৰ অসমত গঠন হৈছে। আমাৰ দৃষ্টিত অগতানুগতিক ,অভূতপূৰ্ব এই শব্দ দুটাৰ বাস্তৱ প্ৰয়োগ চৰকাৰখনৰ কামকাজবোৰত স্পষ্ট হৈ ধৰা দিছে।
আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ মনত কেৱল গতানুগতিক কথাবোৰ মিডিয়াবোৰত প্ৰচাৰ হোৱাৰ বাবে বাতৰিবোৰৰ প্ৰতি লাহে লাহে অনীহা আহিছিল। কিন্তু এই চৰকাৰখনে শপত লোৱা দিনৰে পৰা আমাৰ মানুহখিনিয়ে জাতিসত্ত্বাক উজ্জীৱিত কৰিব পৰা যে এটা বাতৰি দিনটোত আহিব পাৰে তাৰ বাবে বাতৰিবোৰৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰম্ভ কৰিলে। কাৰণ প্ৰতিটো দিনতেই চৰকাৰে এটা এটা আশাব্যঞ্জক বতৰা জনতাৰ বাবে কঢ়িয়াই আনিছে। বাতৰিৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহৰ বাতাবৰণ সৃষ্টি কৰাৰ অন্তৰালত বৰ্তমান চৰকাৰখনক নিশ্চিতভাৱে কৃতিত্ব দিব লাগিব। অৰ্থাৎ প্ৰতিটো দিনৰ মুখ্য বাতৰি সমূহৰ ভিতৰত চৰকাৰে এটা হ’লেও জনসাধাৰণৰ বাবে ধনাত্মক খবৰ দিয়াৰ বাতৰি থাকে। মানুহৰ মনত ছপা মাধ্যমৰেই প্ৰতিয়েই হওক বা ইলেকট্ৰ’নিক মাধ্যমৰ প্ৰতিয়েই হওক বিগত চৰকাৰসমূহে বিয়পায় থোৱা নেতিবাচক ধাৰণাবোৰ যোৱা চৰকাৰখনৰ কাৰ্যপন্থাৰ পৰা লাহে লাহে আঁতৰি এই চৰকাৰখনৰ দিনত সেই ধাৰণা সম্পূৰ্ণৰূপে নোহোৱা হ’ল।
চৰকাৰৰ প্ৰতিখন কেবিনেটৰ সিদ্ধান্তক লৈ জনতাৰ উৎসূকতা দিনে দিনে বাঢ়ি গৈছে। যিহেতু প্ৰতি সপ্তাহত এখনকৈ কেবিনেট বৈঠক হয় আৰু সেই কেবিনেট বৈঠকখনৰ পৰা কমেও পাঁচটা ধনাত্মক খবৰ জনতাৰ বাবে আহে। আচলতে সেই সিদ্ধান্তসমুহ মনোগ্ৰাহী হোৱাৰ কাৰণ এটাই সিদ্ধান্তসমুহ কাৰ্যকৰী কৰিব পৰা বিধৰ সিদ্ধান্ত, বিশেষ জটিলতা নথকাকৈয়ে।
বিশেষ আৰু এটা কথা লক্ষণীয় যে যোৱা চৰকাৰৰ দিনৰ পৰাই ৰাইজ আৰু ৰজাৰ দূৰত্ব বহু কমি গৈছে। জনতাই নিজৰ সুবিধা-অসুবিধাবোৰ মুক্তভাৱে তেখেতসকলৰ জনপ্ৰতিনিধি তথা বিধায়কৰ পৰা মুখ্যমন্ত্ৰীলৈকে ব্যক্ত কৰিব পৰা পৰিবেশ এটা সুলভ হৈ পৰিছে। যিকোনো এজন সাধাৰণ মানুহৰ বাবে চাইৰেণ বজোৱা ৰঙা লাইটৰ গাড়ীৰ ভিতৰৰ থকা সেই বিধায়ক বা মন্ত্ৰীজনক পথৰ কাষত ৰৈ দেখা পোৱা কথাটোকে পৰম সৌভাগ্যৰ কথা বুলি ভবা দিনবোৰ লাহে লাহে বিস্মৃতিৰ গৰ্ভলৈ গুছি গৈছে। এতিয়াৰ জনপ্ৰতিনিধিয়ে ৰাইজেহে ৰজা পাতিছে ,গতিকে ৰজাই ৰাইজৰ মনৰ খবৰবোৰ ল’বলৈ আগ্ৰহী হ’ব লাগিব মানসিকতাৰে ৰাইজৰ ওচৰ চাপিছে। আগৰ চৰকাৰসমূহৰ দিনৰ “দেৱৰো দুৰ্লভ মন্ত্ৰী মহোদয়” এতিয়া জনতাৰ মৰমৰ , আদৰৰ দাদা , মামা হৈ পৰিছে। মন্ত্ৰী হোৱাৰ আভিজাত্যৰ গোড়ামি , অহংকাৰ পৰিহাৰ কৰি বৰ্তমানৰ জনপ্ৰতিনিধি জনতাৰ বিপদে-সম্পদে জনতাৰ কাষত থিয় দিছে । এই কথাটোৰ দ্বাৰা চৰকাৰখনে জনতাৰ কাষলৈ আন এক ভালবাৰ্তা কঢ়িয়াই আনিছে। গাঁৱৰ এজন সহজ সৰল হোজা ব্যক্তিয়েও সেয়েহে পোনপটীয়াকৈ মন্ত্ৰীক লগ ধৰি নিজৰ সুবিধা-অসুবিধাখিনি ব্যক্ত কৰিব পৰা সময় অহাটো এক আশাব্যঞ্জক কথা। ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট মিটিংৰ কাৰ্যসূচীয়ে জিলাবোৰৰ লগত দিছপুৰৰ দূৰত্ব কমাই অনা কথাটোও নোহোৱা নহয়।
মন্ত্ৰী-বিধায়কৰ সাক্ষাৎৰ বাবে থকা মধ্যভোগী , দালাল শ্ৰেণীটোৰ বিলুপ্তি সাধনে অতি ভিতৰুৱা অঞ্চলৰ জনতাই অঞ্চলটোৰ উন্নয়নৰ প্ৰসংগত পোনপটীয়াকৈ চৰকাৰক অৱগত কৰি অসমৰ বহু ভিতৰুৱা অঞ্চলে উন্নয়নৰ পোহৰ দেখিবলৈ সক্ষম হৈছে।
ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনৰ আগত “সংকল্প পত্ৰ” নামেৰে যিখন দলীয় ইস্তাহাৰ উলিয়াইছিলে তেতিয়া বিৰোধীৰ কিছুমান কথাৰ উত্তৰত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সংকল্প পত্ৰখন ৰাইজৰ বাবেহে উলিওৱা হৈছে , বিৰোধীৰ বাবে উলিওৱা হোৱা নাই। গতিকে যদি কামখিনি হোৱা নাই ৰাইজে পোনপটীয়াকৈ আমাক জবাবদিহি কৰিব পাৰিব ,ইয়াত বিৰোধীৰ কথা নাই । সেয়েহে বিজেপিৰ ৰাইজৰ লগত পোনপটীয়া সংযোগৰ কথা অনুভৱ কৰিয়েই ৰাইজে বিজেপিকে শাসনলৈ আনিলে। আগৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কে মানুহৰ ধাৰণা আছিল ৰাজনৈতিক চমক সৃষ্টি কৰা এখন কিতাপ ,যাৰ গুৰুত্ব কেৱল নিৰ্বাচনৰ আগতহে থাকে। কিন্তু বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰখন কাৰ্যকৰী কৰি দেখুৱাই জনতাৰ এটা ধাৰণাৰ পৰিৱৰ্তন কৰিলে। “সংকল্প পত্ৰ” নাম দি লোৱা সংকল্পবোৰ জনতাই অনুভৱ কৰিব পৰা হ’ল। গণতন্ত্ৰত কোনো চৰকাৰেই স্থায়ী নহয় । চৰকাৰ আহিব আৰু যাব , কিন্তু কাম-কাজবোৰৰ পাৰ্থক্যই জনতাৰ মনত সাঁচ বহুৱাই থাকিব।
ভাৰতবৰ্ষৰ উত্তৰ-পূৱৰ আমাৰ “অসম” অতি স্পৰ্শকাতৰ অঞ্চল। অসমৰ মানুহৰ বুকুত ৰাষ্ট্ৰবাদৰ ধাৰণাটো লাহে লাহে নোহোৱা কৰিবলৈ একপক্ষ উঠি পৰি লাগিছিল। কিন্তু যোৱা চৰকাৰখনৰ দিনৰ পৰা অসমৰ অসমীয়াসকলৰ বুকুত থকা ৰাষ্ট্ৰবাদৰ শিপাডালে সাৰ-পানী পায় লহপহকৈ বাঢ়ি বৰ্তমান ফলে ফুলে জাতিষ্কাৰ হ’বলৈ আৰম্ভ কৰিছে। অসমৰ মানুহে অনুভৱ কৰিছে সমগ্ৰ শৰীৰটো হৈছে ৰাষ্ট্ৰখন আৰু সেই শৰীৰৰ অংগবোৰহে ৰাজ্য। এটা অংগ নোহোৱাকৈ শৰীৰটো বাচি থাকিব , কিন্তু ছিন্ন অংগটো কাৰ্যক্ষম হৈ নাথাকিব। অসমৰ মানুহখিনিৰ স্থানীয় তথা আঞ্চলিক আবেগক সন্মান কৰি কি ধৰণে আমাৰ মনত ৰাষ্ট্ৰবাদটো শক্তিশালী কৰিব পাৰি সেয়া চৰকাৰখনে হাতে-কামে দেখুৱাই দিছে।
স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পাছত অসমত খিলঞ্জীয়া সংস্কৃতি-পৰম্পৰাক সন্মান কৰি চৰকাৰী এটা নতুন বিভাগ বনাই দিলে এই চৰকাৰখনে। যাৰ ফলত এশবছৰ ধৰি খ্ৰীষ্টান মিছনেৰীয়ে লক্ষ্য কৰি লোৱা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক শিপাৰ পৰা বিচ্ছিন্ন কৰি ধৰ্মান্তৰিত কৰাৰ যি কৌশল সেই কৌশল ওফৰাই বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক নিজৰ নিজৰ সংস্কৃতি পৰম্পৰাৰে সসন্মানেৰে জীৱন নিৰ্বাহ কৰাৰ ব্যৱস্থা কৰিলে। এতিয়াৰ পৰা খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমুহৰ আচাৰ আচৰণ, কৃষ্টি ,পৰম্পৰা চৰকাৰীভাৱে সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ব্যৱস্থা হ’ল। ফলত এশবছৰজুৰি চলি থকা এক বৃহৎ অভিসন্ধিৰ হাঠিয়াৰবোৰ শক্তিহীন হৈ পৰিল। চৰকাৰখনৰ এই পদক্ষেপ অত্যন্ত আদৰণীয়, ইতিহাসে এই কথা সদায় মনত ৰাখিব। অসমৰ খিলঞ্জীয়াৰ পৰিচয় সংকটৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত এক মাইলৰ খুঁটি হৈ থাকিব। ইতিমধ্যে আমাৰ বহু জাতি ,জনগোষ্ঠী ,ভাষা,সংস্কৃতি নাইকিয়া হৈ গুছি গ’ল। এতিয়া থাকি যোৱাসকলক মূল শিপা কাটি ছিন্ন কৰাৰ প্ৰচেষ্টা চলি থকাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত জাতিটো সবল কৰাৰ ক্ষেত্ৰত অনবদ্য অৱদান। আনহাতে প্ৰতি জিলাৰ পৰা এশৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ চৰকাৰী উদ্যোগত প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে সাজু কৰিবলৈ লোৱা সিদ্ধান্ত বৰ্তমানৰ যুৱচামৰ বাবে সাংঘাতিক ইতিবাচক খবৰ …
কেৱল উন্নয়ন আৰু বিকাশে এটা জাতি কেতিয়াও সুদৃঢ় কৰিব নোৱাৰে। জাতিটো সুদৃঢ় কৰিবলৈ উন্নয়ন আৰু বিকাশৰ লগত সমান্তৰালভাৱে সংস্কৃতি-পৰম্পৰাও ৰক্ষা কৰিব লাগিব। চৰকাৰখনে গভীৰভাৱে মনোনিৱেশ কৰা বিষয়বোৰ ইতিমধ্যে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে ।তাৰ ভিতৰত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টোও আছে। অনুপ্ৰবেশকাৰীসকলে ভয়ানকভাৱে ঘটোৱা জনবিস্ফোৰণে ৰাজ্যখনৰ আৰ্থিক ,সামাজিক আৰু সাংস্কৃতিক দিশত জাতিটোক গিলিবলৈ আৰম্ভ কৰিছে। খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি নিবলৈ অপচেষ্টা চলাই থকা সকলৰ ওপৰত চৰকাৰে মাজে মাজে খিলঞ্জীয়াৰ পক্ষত থাকি নিজৰ স্থিতি স্পষ্ট কৰি দিয়া কথাটোও নিশ্চয় প্ৰশংসনীয়। দলং,বৃহৎ ৰাস্তা,উৰণীয়া সেতু আদি নানা বৃহৎ আন্তঃগাঠনি আদি উন্নয়নৰ হাত ধৰি জাতীয় সত্ত্বাক সন্মান কৰি ৰাষ্ট্ৰবাদক সুদৃঢ় কৰি অসম বৰ্তমান ন খোজেৰে নতুন দিগন্তলৈ আগবাঢ়িছে।
অপৰূপা বৰঠাকুৰ
(বৰঠাকুৰ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় লেখিকা )
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ