অসম লাইভ ২৪ঃ গাঁঠিৰ ধন আৰু কপালৰ ঘাম মাটিত পেলাই এজন কৃষকে উৎপাদিত ফচল বিক্ৰী কৰি জমা কৰিছিল ধন। সেই কৃষকজনৰ নাম আবুল নছৰ। ঘৰ ধিঙৰ ৰাণীটাপু চাপৰিত। উদ্দেশ্য সাজিব এটি সোপানৰ ঘৰ, কিনিব এহাল ম’হ।
তেনে সময়তে পত্নী ফৰিনা বেগমে স্বামীৰ সাঁচতীয়া ধন আৰু সোণ ৰূপৰ অলংকাৰ লৈ উধাও হ’ল। নিজৰ সাঁচতীয়া ধন লৈ উধাও হোৱাৰ পিছত যেন সৰগ ভাগি পৰিছে কৃষক জনৰ ওপৰত। ঘৰ সজাৰ আশা ভংগ হোৱাৰ পিছত শোকত ভাগি পৰিছে স্বামী আবুল নছৰ।
২৯ ডিচেম্বৰত দুই প্ৰৱঞ্চকৰ সৈতে মিলি ফৰিনাই স্বামীৰ সাঁচতীয়া ধন আৰু আ-অলংকাৰ লৈ উধাও হোৱাৰ পিছতেই ওলায় পৰিল ফৰিনা বেগমৰ আচল স্বৰূপ। পূৰ্বেও এই গৰাকী বহুৰূপী মহিলাই অন্য ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ ঠগ-প্ৰবঞ্চনা কৰি ধন লুটি আনিছিল।
ফৰিনা বেগমৰ এই কথা জানিব পাৰি স্বামী আবুল নছৰে লাওখোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় ভিক্ষা মাগিছে। আৰক্ষীয়ে এই বহুৰূপী তথা প্ৰৱঞ্চক মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে দুৰ্ভগীয়া স্বামীয়ে। ধিঙৰ পৰা মুকছিদুল ইছলামৰ ৰিপ’ৰ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ