ইণ্ডিয়া গে’টত আৰু উজলি নাথাকে অমৰ জোৱানৰ স্মৃতি৷ ৫ দশক ধৰি উজলি থকা চহিদৰ স্মৃতি বিলিন হ’ব নেচনেল ৱাৰ মেম’ৰিয়েলত৷ শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে ইণ্ডিয়া গেটৰ ‘অমৰ জোৱান জ্যোতি’ক সংযুক্ত কৰা হ’ব নেচনেল ৱাৰ মেম’ৰিয়েলৰ সৈতে৷
এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে কোনো নিৰ্দিষ্ট স্থান নাছিল বাবে অস্থায়ীবাৱে ইণ্ডিয়া গে’টত শ্ৰদ্ধা জনোৱা হৈছিল দেশৰ বীৰ সন্তানক৷
১৯৭২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গনতন্ত্ৰ দিৱসত উন্মোচন কৰিছিল ‘অমৰ জোৱান জ্যোতি’৷ কিন্তু ২০১৯ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে নেচনেল ৱাৰ মেম’ৰিয়েল৷ গতিকে এই সমৰ্পিত সংগ্ৰহালয়ত সংযুক্ত কৰা হ’ব ‘অমৰ জোৱান জ্যোতি’ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ