এহাল ফেঁচাৰ ফ’টোৱে কেৱল আপোনাৰ নয়নজুৰিকেই নহয়, আপোনাৰ হৃদয়বৃত্তক স্পৰ্শ কৰি যাব! ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা প্ৰেমিক ফেঁচাৰ এই যুগলবন্দীয়ে লাখ লাখ মানুহৰ হৃদয়ক স্পৰ্শ কৰি গৈছে৷
কি আছে ফেঁচাহালৰ ফ’টোসমূহত? এহাল ফেঁচাই এজোপা গছৰ ডালত বহি আছে৷ পক্ষীকুলক গছৰ ডালত সচৰাচৰ গছৰ ডালতে বহি থকা দেখা যায়৷ ঠিক এইদৰে এই প্ৰেমিক ফেঁচা যুগলো গছৰ ডালত বহি থাকে৷ কিন্তু তেওঁলোকৰ এই সচৰাচৰ জিৰণি আন পক্ষীৰ দৰে তেনে সাধাৰণ নাছিল৷ সেয়া আছিল সকলো লোকৰে হৃদয়বৃত্তক চুই যোৱা, মনত সাঁচ বহুৱাই যোৱা এক নয়নাভিৰাম দৃশ্য৷
সদায়ে গছৰ ডালত বহি থকা এই ফেঁচাহালে ইটোৱে সিটোৰ সন্মুখত প্ৰকাশ কৰে প্ৰেম! হয়, আপুনি ঠিকেই শুনিছে, দুয়োটা ফেঁচাই গছৰ ডালত বহি দুয়ো দুয়োকে প্ৰেম নিবেদন কৰে! কৰে ইটোৱে সিটো ৰোমাণ্টিকভাৱে আদৰ-সাদৰ৷ ঠিক আমাৰ মানুহৰ প্ৰেমাষ্পদে যেনেকৈ কৰে ঠিক তেনেকৈয়ে!
ইন্টাৰনেটত ভাইৰেল হোৱা এই ফ’টোসমূহত দুয়োটা ফেঁচাৰ এই ৰোমাণ্টিক আদৰ-সাদৰ, তথা প্ৰেম সুস্পষ্টৰূপত প্ৰকাশ ঘটিছে৷
ফ’টোত ভাইৰেল হোৱা এই প্ৰেমিক ফেঁচা যুগল ক’ৰ জানেনে? এই ফেঁচা যুগল হৈছে মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাৰ৷
এই নয়নাভিৰাম ফ’টোসমূহ কোনে তুলিছিল জানেনে? এই ফ’টোসমূহ তুলিছিল অশ্বিন কেংকাৰ নামৰ এগৰাকী লোকে৷ লোকগৰাকীৰ মতে ভাণ্ডাৰাস্থিতি তেওঁৰ শহুৰ দেউতাকৰ ঘৰলৈ যোৱাৰ পথটোত তেওঁ এই ফ’টোসমূহ তুলিছিল৷
কিন্তু আপুনি বা মই ভবাৰ দৰে ফ’টোসমূহ তোলাটো সিমান সহজ নাছিল৷ দ্য হিন্দুষ্টান টাইমছক অশ্বিন কেংকাৰে প্ৰকাশ কৰা অনুসৰি একেলেথাৰিৰে সাত দিন চেষ্টা কৰাৰ পিছতহে তেওঁ এই ফ’টোসমূহ তুলিবলৈ সক্ষম হৈছিল৷
‘‘এদিন ৰাতি যেতিয়া আমি ঘৰলৈ উভতি আহি আছিলো, মই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত এই ফেঁচাহালক দেখা পাইছিলো। ৰাতিপুৱা ফেঁচাই ৰ’দ পুৰোৱাৰ অভ্যাস আছে বুলি জানি পিছদিনা ৰাতিপুৱা মোৰ কেমেৰাটো লৈ ফ’টো তোলাৰ মানসেৰে মই তালৈ গৈছিলো। পুৱা গৈ মই ফেঁচাহালক তাতে দেখি আনন্দিত হৈছিলো, কিন্তু যথেষ্ট কুঁৱলী পৰি থকাৰ বাবে মই ভাল ফ’টো উঠাবলৈ সক্ষম নহ’লো৷’’ অশ্বিনে কয়৷
ইয়াৰ পিছতে অশ্বিনে সদায় প্ৰেমিক ফেঁচা যুগলৰ ফ’টো তুলিবলৈ সেই ঠাইলৈ যাবলৈ ধৰিলে৷ ‘‘মই প্ৰতিদিনে ফ’টো উঠাবলৈ তালৈ যাবলৈ ধৰিলো৷ কিন্তু সদায়ে ঘন কুঁৱলীৰ বাবে মই ভাল ফ’টো উঠাবলৈ সমৰ্থ নহ’লো৷ এইদৰে লেথাৰিৰে মই সাতদিন তালৈ গ’লো৷ সাত নম্বৰ দিনটোত পুৱাই তাত উপস্থিত হৈ মই দেখো যে দুয়ো শুই আছে৷ সিহঁতে সাৰ পোৱালৈকে মই প্ৰায় ৪৫ মিনিট সময় অপেক্ষা কৰিলো৷’’ অশ্বিনে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়৷
অশ্বিন কেংকাৰে ফ’টোসমূহ তোলোতে দুয়োটা ফেঁচাই ইটোৱে সিটোৰ মুখত মুখ গুজি থকাও দেখা গৈছে, সম্ভৱতঃ দুয়ো দুয়োৰ ভাল পোৱা তেনেকৈ প্ৰকাশ কৰি আছিল!
ইফালে অশ্বিনে প্ৰকাশ কৰিছে যে, তেওঁ ফ’টো তোলাৰ সময়ত দুয়োটা ফেঁচাই তেওঁৰ ফালে চোৱাহেঁতেন ফ’টো তুলি আৰু সুখী হ’লহেঁতেন!
মানুহৰ নয়ন ভৰি যোৱা এই সুন্দৰ ফ’টো তোলাটো অশ্বিন কেংকাৰৰ বাবে ইমান সহজ নাছিল৷ পুৱাই পুৱাই শীতৰ কুঁৱলী ভেদি সাত দিনকৈ খাপ পিটাৰ পিছতহে অশ্বিনে এই দৃষ্টিনন্দন, মানুহৰ হৃদয় জিনি যোৱা ফ’টোসমূহ তুলিবলৈ সক্ষম হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ