অসম লাইভ ২৪ঃ আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে। এইবাৰ বলীউডৰ পৰিচালক-প্ৰযোজক বিধু বিনোদ চোপ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে লেখক চেতন ভগতে। চেতন ভগতৰ লিখা গল্পৰ ওপৰত ভিত্তি কৰি বহু ছবি বলীউডত নিৰ্মাণ হৈছে। তাৰ ভিতৰত ‘কায় পো চে’, ‘থ্ৰী ইডিয়টছ’, ‘টু ষ্টেট’, ‘হাফ গাৰ্ল ফ্ৰেণ্ড’ৰ দৰে বহু ছবি নিৰ্মাণ হৈছে। ‘থ্ৰী ইডিয়টছ’ৰ প্ৰযোজক আছিল বিধু বিনোদ চোপ্ৰা। লেখক চেতন ভগতৰ অভিযোগ- ‘থ্ৰী ইডিয়টছ’ মুক্তিৰ সময়ত চেতন ভগতক কোনো কৃতিত্ব দিব বিচৰা নাছিল বিনোদ চোপ্ৰাই। আনকি চোপ্ৰাই চেতন ভগতক ভাবুকিও দিছিল। পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাইছিল যে চেতন ভগতে আত্মহত্যাৰ দৰে কথাও ভাবিছিল। সুশান্ত সিং ৰাজপুতৰ শেষ ছবি ‘দিল বেচাৰা’ৰ মুক্তিৰ প্ৰসংগত ছবি-সমালোচকৰ উদ্দেশ্যে চেতন ভগতে এক টুইট কৰিছে। য’ত তেওঁ লিখিছে এই সপ্তাহত সুশান্তৰ শেষ ছবি ‘দিল বেচাৰা’ মুক্তি পালে। মই একাংশ ছবি সমালোচকৰ উদ্দেশ্যে ক’ব বিচাৰো যে দয়া কৰি তেওঁলোকে সমালোচনা কৰোঁতে সংবেদনশীল হওক। অভাৰ স্মাৰ্ট হৈ ভুল কথা লিখাৰ যত্ন নকৰিব। ইতিমধ্যেই বহুতোৰ জীৱন নষ্ট কৰিছে ছবি সমালোচকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ