পুনৰ সপোন হৈয়ে ৰ’ব নেকি কেন্দ্ৰৰ পৰা বিজেপিক উৎখাত কৰাৰ বিজেপি বিৰোধী শিবিৰৰ সংকল্প? পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ এক বিস্ফোৰণৰ পিছতে এই সন্দেহ ক্ৰমাৎ ঘণীভূত হৈছে৷
২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এক বিস্ফোৰণ ঘটাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে কংগ্ৰেছে নিজৰ বাটেৰে যাব আৰু আমি আমাৰ নিজৰ বাটেৰে বাট বুলিম৷
অৰ্থাৎ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী শিবিৰে বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱাৰ সম্ভাৱনা প্ৰায় নস্যাৎ কৰি দিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে৷
সোমবাৰে পৌৰ নিগমৰ নিৰ্বাচনত ফলাফলত তেওঁ দলে বৃহৎ সাফল্য লাভ কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে কয় যে আমাৰ কথা নুশুনি কংগ্ৰেছে চিপিআই(এম)ৰ প্ৰতি অধিক আগ্ৰহ দেখুওৱাই আহিছে, গতিকে আমাৰ আৰু কৰিবলগীয়া একো নাই৷
‘‘মই কংগ্ৰেছ আৰু চিপিআই(এম) দুয়োটা দলকে কৈছো, বৃহত্তৰ স্বাৰ্থত আমাৰ সৈতে যোগ দিয়ক, কিন্তু তেওঁলোকে নুশুনিলে মই কি কৰিব পাৰো৷ মোৰ কাৰো সৈতে ব্যক্তিগত অসন্তোষ নাই৷’’ তৃণমূলৰ নেত্ৰীগৰাকীয়ে কয়৷
উল্লেখ্য যে যোৱা সপ্তাহত উত্তৰ প্ৰদেশত অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিক তুলাধুনা দিছিল মমতা বেনাৰ্জীয়ে৷ মমতা বেনাৰ্জীয়ে কয় যে ‘বৃহত্তৰ স্বাৰ্থত’হে তেওঁ উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে৷ আনিক অহা ৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টিৰ বাৰাণসীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব বুলিও প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে৷
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সংবিধানক অৱমাননা কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে৷
ইফালে, দেশৰ বৃহত্তম বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালেচনা কৰিলেও পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আঞ্চলিক দলসমূহেৰে অন্য এক বিকল্প ৰাজনৈতিক শক্তি নিৰ্মাণ কৰাৰো পোষকতা কৰিছে৷
এইক্ষেত্ৰত তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সৈতে এক ফেডাৰেল শক্তি গঠন কৰিবলৈ চেষ্টা কৰাৰ কথাও প্ৰকাশ কৰিছে৷
এতিয়া প্ৰশ্ন হৈছে, অন্য এক বিকল্প ৰাজনৈতিক শক্তি গঠন কৰি বিজেপিক কেন্দ্ৰৰ পৰা উৎখাত কৰিবলৈ সক্ষম হ’ব নে? কংগ্ৰেছৰ সমৰ্থন লাভ নকৰাকৈ অথবা মিত্ৰতা নকৰাকৈ আঞ্চলিক দলেৰে গঠিত মৰ্চাই সঁচাকৈ বিজেপি নেতৃত্বাধীন এনডিএক ক্ষমতাচ্যুৎ কৰিব পাৰিব নে?
মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত এই প্ৰসংগবোৰে এতিয়া গুৰুত্ব লাভ কৰা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















