সোমবাৰে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সামৰণি পৰিছে৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে৷
কোন কোন সমীক্ষাই কোন কোন ৰাজ্যত কোন কোন দলক কিমানখনকৈ আসন দিছে তাৰ তালিকা তলত উল্লেখ কৰা হৈছে৷
লগতে পঢ়ক প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…
ইণ্ডিয়া টু়দেৰ সমীক্ষাৰ মতে পঞ্জাৱত কংগ্ৰেছে ক্ষমতা হেৰুওৱাব৷ ১১৭খন আসন বিশিষ্ট পঞ্জাৱত আম আদমি পাৰ্টিয়ে ৭৬ৰ পৰা ৯০ খন, কংগ্ৰেছে ১৯-৩১খন, বিজেপিয়ে ৭-১১ খন আৰু শিৰোমণি আকালী দলে ৭-১১ খনলাভ কৰিব৷
ইফালে NewsXৰ সমীক্ষাৰ মতে আপ-এ ৬৫-৬১, কংগ্ৰেছে ২৪-২৯, বিজেপিয়ে ১-৬ আৰু আকালী দলে ২২-২৬ খন আসন লাভ কৰিব৷
বিভিন্ন প্ৰতিষ্ঠানৰ সমীক্ষাৰ মতে মণিপুৰত পুনৰ বিজেপিয়ে ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে৷ ৬০ খন আসন বিশিষ্ট মণিপুৰত সকলোবোৰ সমীক্ষাতেই বিজেপিয়ে ২৩ ৰপৰা ৩৮ খন আসন লাভ কৰিব বুলি দেখুওৱা হৈছে৷
লগতে পঢ়ক ৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?
গোৱাত সমীক্ষাসমূহে কংগ্ৰেছ আৰু বিজেপিক প্ৰায় সমান সমান আসন দিয়া দেখা গৈছে৷
আনহাতে উত্তৰ প্ৰদেশত বিজেপিক পুনৰ শাসনলৈ অহা দেখুওৱা হৈছে৷ প’লষ্টাৰ্টৰ মতে ৪০৩ খন আসন বিশিষ্ট উত্তৰ প্ৰদেশত বিজেপিৰ মিত্ৰজোঁটে ২১১-২২৫ খন, সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটে ১৪৬-১৬০ খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১৪-২৪ খন আসন লাভ কৰিব৷
মাৰ্টিজৰ সমীক্ষাৰ মতে প্ৰদেশত বিজেপিৰ মিত্ৰজোঁটে ২৬২-২৭৭ খন, সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটে ১৪০ খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১৭ খন আসন লাভ কৰিব৷
উত্তৰাখণ্ডত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব৷ সমীক্ষাসমূহৰ মতে ৭০ খন আসনযুক্ত উত্তৰাখণ্ডত কংগ্ৰেছে ৩৩-৩৫ খন আৰু বিজেপিয়ে ৩১-৩৩ খন লাভ কৰিব বুলি কোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ