মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই জাতীয়তাবাদৰ বিৰল দৃষ্টান্ত দেখুওৱাবলৈ আগবাঢ়িছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰাঠী জাতীয়তাবাদৰ উজ্জ্বল দৃষ্টান্ত দেখুওৱাই ৰাজ্যখনৰ স্থানীয় প্ৰশাসনত কেৱল মাৰাঠী ভাষা ব্যৱহাৰ কৰিবলৈ এক আইন প্ৰণয়নৰ কৰিছে৷
বৃহস্পতিবাৰে চলিত বিধানসভাৰ অধিবেশনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে এখন নতুন ভাষা আইন বিধেয়কখন উত্থাপন কৰে৷ উত্থাপন কৰাৰ পিছতে আইনখন বিধানসভাত গৃহীতও কৰা হয়৷
উল্লেখ্য যে মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়ত আদিত মাৰাঠী ভাষাক বাধ্যতামূলক কৰা হোৱা নাছিল৷
লগতে পঢ়ক নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?
সেয়ে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনত নতুন ভাষা আইন প্ৰণয়ন কৰি ৰাজ্যখনৰ নিকায়, নিগম, পঞ্চায়ত আদিত মাৰাঠী ভাষাক বাধ্যতামূলক কৰিছে৷
স্থানীয় প্ৰশাসনত মাৰাঠী ভাষা ব্যৱহাৰ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই বিধেয়ক গৃহীত হ’ল বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰৰ ভাষা বিভাগক আইনখন কাৰ্যকৰী কৰাৰ Nodal Agencyৰ দায়িত্ব হৈছে।
লগতে পঢ়ক NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!
আইনখন গৃহীত হোৱাৰ পিছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব।
বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ