বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছৰ বিতৰ্কই মাৰ নৌযাওতে এইবাৰ ছবিখনক লৈ অন্য খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷
বিতৰ্কিত ছবিখন চোৱাৰ পিছতে মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই নিজৰ তেজেৰে দ্য কাশ্মীৰ ফাইলছৰ পোষ্টাৰ অংকন কৰাৰ খবৰ আহিছে৷
মঞ্জু ছোনী নামৰ ফাইন আৰ্টৰ শিল্পীগৰাকীয়ে ছবিখন চোৱাৰ পিছত প্ৰভৱান্বিত হৈ ছবিখনৰ পোষ্টাৰখন নিজৰ তেজেৰ অংকন কৰা বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!
মহিলাগৰাকীয়ে উক্ত পোষ্টাৰখন সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে ছবিখনৰ পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
মধ্যপ্ৰদেশৰ বিদিশাৰ নিৱাসী মঞ্জু ছোনীয়ে নিজৰ তেজেৰ ছবিখনৰ পোষ্টাৰ অংকন কৰাৰ পিছতে পৰিচালক বিবেক অগ্নীহোত্ৰীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘‘মঞ্জু ছোনী, সষ্টাংগে প্ৰণাম৷ এয়া অকল্পনীয়, অবিশ্বাস্য! আপোনাক কেনেকৈ ধন্যবাদ দিওঁ৷ আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷’’
লগতে পঢ়ক প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান
ইফালে মঞ্জুয়ে কয় যে দ্য কাশ্মীৰ ফাইলছক চাই কয় তেওঁৰ বিবেক আৰু হৃদয়ৰ বান্ধোন ছিঙি গৈছিল৷ ইয়াৰ পিছতে কিবা এটা পৃথক কৰিবলৈ গৈ তেওঁ নিজৰ তেজেৰ দ্য কাশ্মীৰ ফাইলছৰ পোষ্টাৰখন অংকন কৰা বুলি প্ৰকাশ কৰিছে৷
‘‘হাজাৰ হাজাৰ পেইণ্টিং অংকন কৰিব পাৰি বা আছে, কিন্তু এই ছবিখন চাই কিবা এটা নতুন কৰিবলৈ প্ৰেৰণা লাভ কৰিলো৷’’ মঞ্জুৱে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ