বলিউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী আয়েশা টাকিয়া বিমানবন্দৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰা যৌন আতিশয্যৰ বলি হৈছিল৷ এই গুৰুতৰ অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীৰ স্বামী ফাৰহান আজমীয়ে৷
ঘটনাটো চলিত মাহৰ প্ৰথমটো সপ্তাহতে সংঘটিত হৈছিল যদিও এতিয়াহে সংবাদ মাধ্যমত চৰ্চালৈ আহিছে৷
অভিনেত্ৰীগৰাকীৰ স্বামীয়ে টুইটাৰত উল্লেখ কৰা মতে গোৱাৰ পৰা মুম্বাইলৈ যাত্ৰা কৰাৰ পূৰ্বে গোৱা বিমানবন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বিষয়াই এই কাণ্ড সংঘটিত কৰিছিল৷
লগতে পঢ়ক জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ
বিমানবন্দৰটোত নিয়োজিত বাহিনীটোৰ কৰ্তব্যৰত বিষয়াই কৰ্তব্যৰ নামত অভিনেত্ৰী আয়েশা টাকিয়াৰ ওপৰত যৌন আতিশয্য চলোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে বৰ্ণবিদ্ধেষী গালি গালাজ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে ফাৰহান আজমীয়ে৷
ফাৰহান আজমীৰ অভিযোগ অনুসৰি পত্নী পুত্ৰৰ সৈতে গোৱাৰ পৰা মুম্বাইলৈ যাত্ৰা কৰাৰ সময়ত বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে তালাচী চলোৱাৰ নামত বিষয়া আৰ পি যাদৱ, ৰাউট নামৰ এজন কামাণ্ডাৰ আৰু বাহাদুৰ নামৰ এজন জ্যেষ্ঠ বিষয়াই তেওঁলোকক আতিশয্য চলাইছিল৷
Dear @CISFHQrs
I was boarding for Mumbai on @IndiGo6E 6386, 18:40 hrs flight & these racist officers R P Singh, A K Yadav, commander Rout & senior officer (SP category) Bahadur purposely singled me & my family (wife & son) immediately after they read out my name out loud to team pic.twitter.com/gjHdnFajDN— Farhan Azmi (@abufarhanazmi) April 4, 2022
‘‘মোৰ পত্নীৰ শৰীৰত আপত্তিজনকভাৱে হাত দি পুত্ৰ আৰু মোক পৃথকে পৃথকে শাৰী হ’বলৈ নিৰ্দেশ দিয়ে, যদিও বাকীববোৰ পৰিয়াল একেটা শাৰীতে থিয় দি আছিল৷ মোৰ পত্নীক এনেকৈ স্পৰ্শ কৰাৰ বাবে আপত্তি কৰাত বাহাদুৰ নামৰ জ্যেষ্ঠ বিষয়াজনে মোক যৌনগন্ধী আৰু বৰ্ণবিদ্বেষী গালি গালাজ কৰে৷’’ ফাৰহান আজমীয়ে টুইটত কয়৷
লগতে পঢ়ক ঠিকেই- ;ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ…;
এই ঘটনাৰ বিৰুদ্ধে অভিনেত্ৰী আয়েশাৰ স্বামীয়ে চিচিটিভৰ ফুটেজ পৰীক্ষা কৰি তদন্তৰ দাবীৰে আইনী পদক্ষেপ গ্ৰহণ কৰিব বুলিও ঘোষণা কৰিছে৷
ফাৰহান আজমীৰ টুইটৰ এদিনৰ পিছতে গোৱা বিমানবন্দৰ কৰ্তৃপক্ষই টুইট কৰি ঘটনাটোক দুৰ্ভাগ্যজনক বুলি আখ্যা দি ক্ষমা ভিক্ষা কৰিছে৷
আনহাতে, কেন্দ্ৰীয় নিৰাপত্তা বাহিনীটোৱে ফাৰহান আজমীৰ অভিযোগ নস্যাৎ কৰিছে৷ বাহিনীটোৰ ডিআইজি অণিল পাণ্ডেই ফাৰহান আজমীৰ দাবীক নস্যাৎ কৰি কয় যে কেন্দ্ৰীয় ঔদ্যোগিক বাহিনী এটা ‘পেচাদাৰী বাহিনী’৷
‘‘আমি প্ৰতিদিনে বিমানবন্দৰসমূহত ৭ লাখ বিমান যাত্ৰীৰে সন্মুখীন হওঁ৷ কিন্তু এনে অভিযোগ কেইটা আহিছে? তেওঁক মাত্ৰ নিৰাপত্তা বিধি মানি চলিবলৈ কোৱা হৈছিল৷ কোনো বিষয়াই তেওঁলোকৰ বিৰুদ্ধে বৰ্ণ বিদ্বেষী তথা অন্য আতিশয্য চলোৱা নাছিল৷’’ ডিআইজি অণিল পাণ্ডেই কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ