গুৱাহাটী ২৪ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মহানগৰবাসীয়ে বিপুল ভোটত মিত্ৰজোটৰ প্ৰাৰ্থীসকলক বিজয়ী কৰাত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশব মহন্তই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।
এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্তই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰৰ বাবে গ্ৰহণ কৰা উন্নয়ন আৰু বিকাশৰ যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই মহানগৰবাসীয়ে বিপুলভাৱে ভোটদান কৰি প্ৰাৰ্থীসকলক জয়ী কৰিছে।
SEE MORE: ক’ত পলাবি…এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!
দেশৰ পাচঁখন শ্ৰেষ্ঠ মহানগৰীৰ অন্যতম মহানগৰৰূপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অংগীকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটিছে বুলি উল্লেখ কৰে।এই জয উন্নয়ন আৰু প্ৰগতিৰ লক্ষ্যৰে মিত্ৰজোঁটৰ চৰকাৰে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ প্ৰতি বিশ্বাসৰ জয়।
সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্তই সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ লগতে গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ