দেশত হনুমান চালিছাক লৈ বিবাদ চলি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ ছুপ্ৰিম’ ৰাজ থাকৰেৰ এটা টুইট চৰ্চালৈ আহিছে৷ ধাৰ্মিক স্থলৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে ৰাজে৷ ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক তীব্ৰ কটাক্ষ কৰিছে৷ ৰাজে লিখিছে দুৰ্ভাগ্যৰ বিষয় মহাৰাষ্ট্ৰত যোগী নাই ভোগী হে আছে৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ধাৰ্মিক স্থলৰ পৰা প্ৰায় ১১ হাজাৰ লাউডস্পীকাৰ ইতিমধ্যে আঁতৰাই পেলোৱা হৈছে৷ ৩৫ হাজাৰোধিক লাউডস্পীকাৰৰ শব্দ (VOLUME) সীমিত কৰা হৈছে৷
পুনৰ ধমকি, ৩ মে’ৰ পাছত দেখা যাব
মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাই ১৭ এপ্ৰিলত প্ৰদান কৰা এটা বিবৃতিত কোৱা হৈছিল যে তেওঁলোক আজানৰ বিৰোধী নহয়৷ কিন্তু লাউডস্পীকাৰত নামাজ পঢ়িলে হনুমান চালিছাও লাউডস্পীকাৰত পঢ়া হ’ব৷ হনুমান চালিছা লাউডস্পীকাৰত পঢ়াৰ বাবে কেইবাজনো MNNSৰ নেতাক আটক কৰা হৈছে৷ ৰাজ থাকৰেৰ স্পষ্ট কথা আছিল মুছলমানসকলে বুজা উচিত দেশৰ আইন ব্যৱস্থাতকৈ ধৰ্ম ডাঙৰ নহয়৷ যোগী আদিত্যনাথৰ দৰে এই পৰ্যন্ত মহাৰাষ্ট্ৰত ধাৰ্মিক স্থানত লাউডস্পীকাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ সেয়ে থাকৰে পুনৰ হুংকাৰ দিছে ৩ মে’ৰ পাছত দেখা যাব৷
৩ মে’ত কি কৰিব ৰাজ থাকৰে?
অক্ষয় তৃতীয় উপলক্ষে সমগ্ৰ মহাৰাষ্ট্ৰৰ স্থানীয় মন্দিৰসমূহত মহাআৰতি কৰি ৰাজ থাকৰেৰ MNNSএ৷ এই আৰতিত লাউডস্পীকাৰ ব্যৱহাৰ কৰা হ’ব বুলি কৈছে MNNSপ্ৰধান থাকৰে জানিবলৈ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















