যদি আপুনি কেৱল আপোনাৰ পিঠিৰ শালমইনাৰ বাবে বেকলেছ কাপোৰ পিন্ধিব পৰা নাই, তেনে আজিৰ পৰা আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় লাভ কৰিব৷ আমাৰ এই প্ৰতিবেদনে আপোনাক তেনে কিছু উপায় প্ৰদান কৰিবলৈ প্ৰয়াস কৰিব৷
বেছিভাগ পিঠিৰ শালমইনা অতিৰিক্ত তৈলৰস বেক্টেৰিয়া আৰু মৃত ছালৰ কোষৰ ছিদ্ৰত জমা হোৱাৰ ফলত হয়। যাৰ ফলত পিঠিত ৰঙা পৰা, ফুলা আৰু দাগ হয়। বহু সময়ত এইটো হৰমনৰ পৰিৱৰ্তনৰ বাবেও হ’ব পাৰে। যদি আপুনিও এই সমস্যাটোৰ দ্বাৰা অসুবিধাত পৰিছে, তেনে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কিছু উপায় তলত উল্লেখ কৰা হৈছে৷
লগতে পঢ়ক অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!
বিচনা সলনি কৰক:–
পিঠিৰ শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ, প্ৰথমে সপ্তাহত দুই বা তিনিবাৰ আপোনাৰ বিচনা চাদৰ সলনি কৰাৰ অভ্যাস গঢ়ি তুলিব। এনেখন বিচনা চাদৰকে ব্যৱহাৰ কৰি থাকিলে ছালৰ মৃত কোষ আৰু বেক্টেৰিয়া ৰাতিটোৰ ভিতৰতে ছালত সহজে জমা হ’ব পাৰে আৰু ছালৰ জ্বলা-পোৰা কৰিব পাৰে।
কেৱল চুলি নহয়, ছালৰ যত্নও গুৰুত্বপূৰ্ণ:–
গ্ৰীষ্মকালত ক্ৰীমৰ ঠাইত লোচন ব্যৱহাৰ কৰিব। ইয়াত তেলৰ পৰিমাণ কম থাকে। কেৱল অনা-কমডোজেনিক ক্ৰীম আৰু লোচন ব্যৱহাৰ কৰক। এনে সামগ্ৰীবোৰে ছিদ্ৰবোৰ অৱৰুদ্ধ নকৰে।
লগতে পঢ়ক বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?
সঠিক কাপোৰ বাছনি কৰক:–
টান কাপোৰে তেল বা বেক্টেৰিয়াক ছিদ্ৰবোৰৰ গভীৰলৈ ঠেলি দিব পাৰে৷ টাইট-ফিটিং কাপোৰ পিন্ধি ব্যায়াম কৰাৰ উপৰিও কাপোৰৰ পৰা ঘৰ্ষণৰ জ্বলা-পোৰা কৰি ৰঙা খুন্দা মাৰিব পাৰে। যিকোনো ঘাম ওলোৱা কাৰ্যকলাপ কৰাৰ পিছত সদায়ে গা ধোৱাটো নিশ্চিত কৰিব।
পিঠি পৰিষ্কাৰ কৰাৰ প্ৰতি মনোযোগ দিব:–
যিদৰে আপুনি মুখখন পৰিষ্কাৰ কৰাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ে, পিছফালৰ ছালতো আপোনাৰ যত্নৰ প্ৰয়োজন। তাক গুৰুত্বসহকাৰে লওক। ইয়াৰ বাবে আপুনি এক ভাল এক্সফ্লেটিং ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে৷ যি আপোনাৰ পিঠিৰ ছাল পৰিষ্কাৰ, হাইড্ৰেটেড আৰু এক্সফলিয়েটেড ৰাখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ