ইৰা খান৷ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খানৰ প্ৰথমা পত্নী ৰীণা দত্তৰ কন্যা৷ সামাজিক মাধ্যমত অতি সক্ৰিয় আমিৰ খানৰ প্ৰথমা পত্নী ৰীণা ফালৰ কন্যা ইৰা৷
প্ৰথমা পত্নী ৰীণাৰে বহু বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হ’লেও আমিৰ খানে সময় পালেই ৰীণা আৰু দুই সন্তানৰ সৈতে সময় কটাই অহা দেখা যায়৷
আমিৰ ৰীণাৰ কন্যা ইৰাই চলিত বৰ্ষতে ২৫ বছৰত স্পৰ্শ কৰিছে৷ সেই উপলক্ষ্যে আমিৰ-ৰীণাৰ কন্যাই বিশেষ ভাৱে উদযাপন কৰে৷
লগতে পঢ়ক হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ
ইৰাৰ জন্মদিন উদযাপনৰ অনুষ্ঠানত মাতৃ ৰীণা দত্ত, পিতৃ আমিৰ খান আৰু ভাতৃ আজাদ খান(কীৰণ ৰাওৰ ফালৰ পুত্ৰ) উপস্থিত আছিল৷
ইতিমধ্যে ইৰাৰ জন্মদিন উদযাপনৰ কেক কটাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ফ’টো ভাইৰেল হোৱাৰ লগে লগে আমিৰ কন্যা ইৰা তীব্ৰ ট্ৰ’লৰ সন্মুখীন হৈছে৷
ইৰাই পিতৃ-মাতৃ আৰু ভাতৃৰ উপস্থিতিত বিকিনি পৰিধান কৰি কেক কটা দেখা গৈছে৷ আমিৰ খানকো অৰ্ধ নগ্ন অৰ্থাৎ কোনো চোলা পৰিধান নকৰাকৈ থকা দেখা গৈছে৷
লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!
ইৰা খানৰ এই পাৰিবাৰিক ফ’টোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্ন লোকে আমিৰ খানৰ পৰিয়ালটোক তীব্ৰ ভাষাৰে ট্ৰল কৰা দেখা গৈছে৷
‘‘এয়া জন্মদিন নে পুল পাৰ্টী!’’ বুলিও এগৰাকী ইউজাৰে লিখিছে৷ আন এজনে তাচ্ছিল্য কৰি লিখিছে, ‘‘একেবাৰে পাৰিবাৰিক পৰিৱেশ৷’’ আন এজনে আকৌ লিখিছে, ‘‘এনেকৈ কোনে জন্মদিন পালন কৰে!!’’ আৰু এগৰাকীয়ে লিখিছে, ‘‘এয়া ফ’টোশ্বপ কৰা ফ’টো চাগে!’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ