এক আমোদজনক কাণ্ডই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ বিলাতী সুৰাপান কৰাৰ পিছতো নিচা নোহোৱাৰ বাবেই এজন লোকে মদ বিক্ৰী কৰা দোকানৰ বিৰুদ্ধ তৰিলে গোচৰ৷
এই আমোদজনক ঘটনাটো মধ্য প্ৰদেশৰ উজ্জয়নৰ৷ চহৰখনৰ বাহাদুৰগঞ্জ অঞ্চলৰ লোকেশ ছেঠিয়া নামৰ লোকজনে আৱকাৰী বিভাগত এই গোচৰ তৰিছে৷ প্ৰকাশিত খবৰ মতে ৪২ বছৰীয়া ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰলৈও এই সংক্ৰান্ত পত্ৰ প্ৰেৰণ কৰিছে৷
ঘটনা অনুসৰি লোকজনে যোৱা এপ্ৰিলত এখন দোকানৰ পৰা ৪ টা ১৮০ মিলিলিটাৰৰ মদৰ বটল ক্ৰয় কৰিছিল আৰু তাৰে দুটা পটল পান কৰাৰ পিছতো তেওঁৰ কোনো নিচা লগা নাছিল৷
লগতে পঢ়ক শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?
এই কথাটোত লোকজন যথেষ্ট পৰিমাণে ক্ষোভিত হৈ পৰে৷ ক্ষোভিত লোকজনৰ মতে যোৱা দুটা দশক তেওঁ মদ্যপান কৰি আহিছে আৰু সেই অভিজ্ঞতাৰে তেওঁ উক্ত মদৰ বটলকেইটা ভেজাল বুলি দাবী কৰে৷ লোকজনে ক্ৰয় কৰা চাৰিটা বটলৰ দুটা পান কৰাৰ পিছতে অন্য দুটা বটল পৰীক্ষণৰ বাবে ৰাখি থৈছে৷
ইফালে এই সংক্ৰান্তত ৰাজ্যখনৰ গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে লোকজনৰ অভিযোগৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ গহমন্ত্ৰী নৰোত্তম মিশ্ৰই উক্ত পত্ৰখন আৱকাৰী বিভাগলৈ প্ৰেৰণ কৰিছে৷
লগতে পঢ়ক অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ
আনহাতে, ৰাজ্যখনৰ আৱকাৰী আয়ুক্ত ইন্দৰ সিং ডোমৰে ইতিমধ্যে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদন্ত ঘোষণা কৰিছে৷ আয়ুক্তগৰাকীয়ে কয় যে উক্ত মদখিনি ভেজাল বুলি প্ৰমাণিত হ’লে ভেজাল মদ বিক্ৰী কৰা উক্ত দোকানখনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
কিন্তু লোকেশ ছেঠিয়াই আৱকাৰীৰ বিভাগৰ তৎপৰতাটো সন্তুষ্ট নহৈ উক্ত মদৰ দোকানখনৰ বিৰুদ্ধে Consumer Courtত এজন অধিবক্তাৰ যোগেদি গোচৰ ৰুজু কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ