• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

4 years ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

41 minutes ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

1 hour ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

2 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

3 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

3 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

5 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

6 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

7 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

8 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

২৮ হাজাৰ বিনিয়োগ, ৭৬ হাজাৰ লাভ। ক'ত কেনেকৈ?

editor by editor
May 9, 2022
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাস:- যোৱা এপ্ৰিল মাহত ভাৰতৰ শ্বেয়াৰ বজাৰত প্ৰায় সকলো শ্বেয়াৰৰ দাম নিম্নগামী হৈছে। অৰ্থাৎ প্ৰায়বোৰ কোম্পানীৰ শ্বেয়াৰৰ দাম বহু কমিছে। কিন্তু কিয়?

ইয়াৰ পূৰ্বে আমি উল্লেখ কৰিছোঁ যে, নিৰ্দিষ্ট সময়ত স্বাভাৱিক ভাৱে শ্বেয়াৰৰ দাম নিম্নগামী হয়। আৰু সেইবাবে শ্বেয়াৰ বজাৰৰ প্ৰতি মানুহৰ উৎসুকতাও বেছি। কেইবাটাও স্বাভাৱিক প্ৰক্ৰিয়াৰ বাবে শ্বেয়াৰৰ দাম নিম্নগামী হয়। সেই সমূহৰ অন্যতম কাৰক হৈছে প্ৰ’ফিট বুক অৰ্থাৎ বিনিয়োগ কৰা ধনৰ লাভ আদায় কৰা বা লাভত শ্বেয়াৰ বিক্ৰী কৰা।

এটা উদাহৰণ দিছোঁ। ২০২০ চনৰ ১০ নবেম্বৰত ভাৰত হেভী ইলেক্ট্ৰিকেলচ চমুকৈ ‘ভেল’ৰ এটা শ্বেয়াৰৰ দাম আছিল ২৮/- টকা। ধৰা হ’ল কোনো এজন ট্ৰেডাৰ বা বিনিয়োগকাৰীয়ে ভেলৰ ১০০০ শ্বেয়াৰ ক্ৰয় কৰিলে। ইয়াৰ বাবদ তেওঁ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ধনৰ পৰিমান হ’ব ২৮,০০০/- টকা।

অৰ্থাৎ তেওঁ ভেল নামৰ কোম্পানীটোত ২৮,০০০/- টকা বিনিয়োগ কৰিলে। ইয়াৰ পাছত ২০২১ চনৰ ১২ মে’ তাৰিখে ভেল কোম্পানীৰ এটা শ্বেয়াৰৰ দাম ৭৬/- টকালৈ বৃদ্ধি হয়। আৰু সেই সময়ত বিনিয়োগকাৰীয়ে ভেল কোম্পানীৰ ১০০০টা শ্বেয়াৰ বিক্ৰী কৰিলে ৭৬,০০০/- টকা পাব।

ইয়াত বিনিয়োগ কৰা ধনৰ পৰিমান আছিল ২৮,০০০/- টকা। আৰু তেওঁ শ্বেয়াৰ বিক্ৰী কৰি পোৱা ধনৰ পৰিমান ৭৬,০০০/- টকা। ইয়াত লাভৰ পৰিমাণ ৪৮,০০০/- টকা। ২৮,০০০/- টকা বিনিয়োগ কৰি ছয় মাহৰ অন্ত ৪৮,০০০/- টকা লাভ পালে বিনিয়োগকাৰীয়ে শ্বেয়াৰ বিক্ৰী কৰিবই।

শ্বেয়াৰ বজাৰত এই প্ৰক্ৰিয়াটোক প্ৰ’ফিট বুক বুলি কোৱা হয়। সাম্প্ৰতিক সময়ত বিনিয়োগকাৰীয়ে প্ৰ’ফিট বুক কৰা বাবে ভাৰতৰ ইকুইটী মাৰ্কেটত কেতবোৰ কোম্পানীৰ শ্বেয়াৰৰ দাম যথেষ্ট কমিছে। গতিকে এই প্ৰক্ৰিয়াটো শংকাৰ বিষয় নহয়। শ্বেয়াৰ বজাৰৰ ঐতিহাসিক তথ্যৰ পৰা দেখা যায় যে, প্ৰতি বছৰে এপ্ৰিল আৰু নবেম্বৰ/ডিচেম্বৰ মাহত প্ৰ’ফিট বুক কৰাৰ এক প্ৰবনতা সৃষ্টি হয়।

ইয়াতে আন এটা শ্বেয়াৰৰ তথ্য দিব বিচাৰিছোঁ। ২০২০ চনৰ ১২ নবেম্বৰ তাৰিখে বেংক অব বৰোদাৰ এটা শ্বেয়াৰৰ দাম আছিল ৪৫/টকা। আৰু ২০২২ চনৰ ৭ এপ্ৰিলত ইয়াৰ দাম হয় ১১৯/- টকা। অৰ্থাৎ প্ৰায় ডেৰ বছৰত এই শ্বেয়াৰটোৱে বিনিয়োগকাৰীক দুগুণতকৈও অধিক লাভ দিছে।

অৱশ্যে ইয়াকো মনত ৰখা উচিত যে, ২০২০ আৰু ২০২১ বৰ্ষত কৰ’না মহামাৰীৰ বাবে শ্বেয়াৰ বজাৰতো লকডাউনৰ প্ৰভাৱ পৰিছিল। সেই সময়ত দেশত লকডাউনৰ বাবে অন্য ব্যৱসায় স্তব্ধ হৈ পৰিছিল। গতিকে উপাৰ্জনৰ বিকল্প পথ হিচাপে বহু লোকে শ্বেয়াৰ বজাৰত নতুনকৈ ব্যৱসায় আৰম্ভ কৰে।

ক’ভিডকালীন সময়চোৱাত আমাৰ দেশত প্ৰায় ৪২ লক্ষ লোক নতুনকৈ শ্বেয়াৰ বজাৰত জড়িত হয়। তেওঁলোকৰ বেছি ভাগে বিশেষ তথ্য নজনাকৈ বা যধেমধে বহু শ্বেয়াৰ ক্ৰয় কৰিছিল। পৰিণতিত কিছুমান শ্বেয়াৰৰ দাম অতি কম সময়ত অৰ্থাৎ ৪/৫ মাহত চাৰিগুণ পৰ্যন্ত বাঢ়িছিল।

কিন্তু শ্বেয়াৰ বজাৰত তেনে বৃদ্ধি স্বাভাৱিক নহয়। অৱশ্যে অভিজ্ঞ আৰু পাকৈত ট্ৰেডাৰসকলে প্ৰ’ফিট বুক কৰিবলৈ যথেষ্ট সুবিধা লাভ কৰিছিল। আন কিছুমান শ্বেয়াৰৰ ট্ৰেডিং লেভেল নিৰ্দিষ্ট সীমাৰ বহু ওপৰলৈ উঠি যায়। এতিয়া বিনিয়োগকাৰীয়ে তেনে শ্বেয়াৰত প্ৰ’ফিট বুক কৰিছে ।

তাৰ বাবে যোৱা ৭ এপ্ৰিলৰ পৰা এতিয়ালৈকে কিছুমান শ্বেয়াৰৰ নিম্নগামী ধাৰা অব্যাহত আছে। বহু ক্ষেত্ৰত এই নিম্নগামী ধাৰা বিনিয়োগকাৰীৰ বাবে এক সুবৰ্ণ সুযোগ।

এই সুযোগ ল’ব পাৰিলে আগন্তুক ছয় মাহৰ ভিতৰত কিছুমান শ্বেয়াৰৰ পৰা চাৰি পাঁচ গুন পৰ্যন্ত লাভ আৰ্জন কৰাৰ সুবিধা আহিব। কিন্তু কোন কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিব? এই প্ৰশ্নৰ উত্তৰ পৰবৰ্তী লেখাত উল্লেখ কৰা হ’ব।

SEE MORE:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা
বাণিজ্য

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
Next Post
ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.