ৰাকেশ হালৈঃ যদি আপুনি চলচিত্ৰ প্ৰেমী নিশ্চয় ‘পঞ্চায়ত’ ছিৰিজৰ কথা জানে। ২০২০ বৰ্ষৰ ৩ এপ্ৰিলত OTT প্লেফৰ্মত মুক্তি পাইছিল ৱেবচিৰিজখন। চিৰিজখনে মুক্তিৰ পাছতেই দৰ্শকৰ মাজত অতি সমাদৰ লাভ কৰিছিল। এখন সুন্দৰ নিভাঁজ গাঁৱলীয়া পটভূমিত হাস্যৰস-অভিনয়েৰে ভৰপূৰ চিৰিজখনত অতি সুন্দৰ ভাবে অভিনয়ৰে দৰ্শকৰ মন মুহিছিল। চন্দন ৰয়ৰ আৰু ফাইছাল মালিক কাহিনীৰে পৰিচালক দীপক কুমাৰ মিশ্ৰই চিৰিজখন নিৰ্মাণ কৰিছিল। বলীউডত প্ৰতিষ্ঠান লাভ কৰা অসম সন্তান অনুৰাগ শইকীয়াই ইয়াৰ সংগীত পৰিচালনা কৰিছিল।
চিৰিজখনত ফুলেৰা গাঁৱৰ পঞ্চায়ত সচিব অভিষেক ত্ৰিপাঠী ওৰফে জিতু ভাইয়া নামে খ্যাত, গাঁও প্ৰধান, উপপ্ৰধান প্ৰহ্লাদ, সহায়ক বিকাশে অতি সুন্দৰ ভাবে অভিনয় কৰিছে। সফলতা-বিফলতাৰ মাজেৰে আগবঢ়া কাহিনীত আছিল জীৱনৰ সংঘাত, নিভাঁজ গাঁৱৰ কাহিনী আৰু প্ৰেম।
লগতে পঢ়ক ষ্টাৰকীড হৈও বলীউডত যৌন ইংগিতৰ পৰা ৰেহাই নেপালে অনন্যা পাণ্ডেই!
এনেদৰেই প্ৰথমটো খণ্ড দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল। প্ৰথম বৰ্ষৰ সফলতাৰ পাছতেই নির্মাতাই পুনৰ ২০২২ বৰ্ষত ২০ এপ্ৰিলত দ্বিতীয়টো খণ্ডটো মুক্তি দিছিল। দ্বিতীয় খণ্ডত গাঁৱৰ ৰাজনীতি, অপ্ৰকাশিত প্ৰেম কাহিনী, লেতেৰা ৰাজনীতিৰ মেৰপাক আদিবোৰ প্ৰতিফলিত হয়। কম দৰমহা, সৰু গাঁও এখনৰ পৰা ডাঙৰ মহানগৰীত থকাৰ বাসনা। দ্বিতীয় খণ্ডত গাঁৱৰ নিৰক্ষৰ মানুহৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰা এইবোৰ সামৰি লোৱা হৈছিল৷
কেনেদৰে কৰ্মত নিয়োজিত হৈ থাকিও কেৱল কেইটামান টকাৰ বাবেই মানুহে ভাল নোপোৱা কামো কৰি থাকিব লগীয়া হৈছে, গাঁৱৰ ল’ৰাজন শ্বহীদ হৈ গাঁওখনলৈ সন্মান আজুৰি আনিলে এয়া সঁচা কিন্তু চিৰদিনলৈ অকলে এৰি গ’ল একমাত্ৰ পিতৃক। এনেদৰেই দ্বিতীয়টো খণ্ডৰ কাহিনী আগবাঢ়িছিল। দৰ্শকে হাঁহি-অভিনয় আৰু অন্তৰৰ বেদনাৰে ভৰপূৰ কাহিনীটো খুব বেছি ভাল পাইছিল। দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল।
লগতে পঢ়ক প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?
ৰাইজৰ সঁহাৰিৰ পাছতেই উৎফুল্লিত হৈছিল নির্মাতাসকল। দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয়টো খণ্ডৰ কাম শীঘ্ৰে আৰম্ভ কৰিব বুলি সদৰী কৰিছে নির্মাতাই। যাৰ লগে লগে দৰ্শকৰ মাজত আনন্দ বিৰাজমান। ভালপোৱা এটা সুন্দৰ কাহিনী আকৌ এবাৰ দেখা পাম বুলি আশাবাদী দৰ্শক। চিনাকি চৰিত্ৰবোৰ যেন কাহিনীৰ নহয়। ব্যক্তিগত জীৱনৰ অংশ হৈ পৰিছিল।
কি হ’ব ৰিংকি অভিষেকৰ প্ৰেম? প্ৰধানে আকৌ হ’ব নেকি সলনি! পুত্ৰ বিয়োগৰ পিছত কেনে আছে প্ৰহ্লাদ? ডাঙৰ চহৰলৈ যাব নেকি পঞ্চায়ত সচিব? গাঁওখনৰ কি হ’ব? এইসমূহ প্ৰশ্নৰ বাবেই আমি সকলোৱে অপেক্ষা কৰিব লাগিব ‘পঞ্চায়ত তৃতীয় খণ্ডলৈ’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















