• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!

শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

1 hour ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

2 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

2 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

2 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

3 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

4 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

4 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

6 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

6 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

7 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

8 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!

editor by editor
June 6, 2022
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ শ্বেয়াৰ বজাৰত এটা বহুল চৰ্চিত বিষয় হৈছে মাল্টিবেগাৰ ষ্টক৷ কিন্তু এই মাল্টিবেগাৰ ষ্টক সম্পৰ্কে বেছি ভাগৰে বিশেষ কোনো ধাৰণা নাথাকে, সেইবাবে এই বিষয়টো আলোচনা কৰিব বিচৰা হৈছে৷ মাল্টিবেগাৰ ষ্টক দৰাচলতে কি?

ইয়াৰ উত্তৰত ক’ব পাৰি যে, শ্বেয়াৰ বজাৰত কিছুমান সম্ভাৱনাপূৰ্ণ আৰু ভাল কোম্পানীৰ শ্বেয়াৰৰ দাম যথেষ্ট নিম্নগামী হয়৷ বহুক্ষেত্ৰত এনেও হয় যে শ্বেয়াৰটো প্ৰকৃত মূল্যতকৈও ইয়াৰ দাম কম থাকে৷ এনে অৱস্থাত এনে শ্বেয়াৰত আণ্ডাৰভেল্যু ষ্টক বুলি অভিহিত কৰা হয়৷ অৰ্থাৎ বাহ্যিক দৃষ্টিত এনে শ্বেয়াৰবোৰ মূল্যহীনসদৃশ হয়৷ অৱশ্যে তেনে কোম্পানীৰ ব্যৱসায়িক সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বহু পুঁজিপতি গোষ্ঠীয়ে বৃহৎ অংকৰ ধন বিনিয়োগ কৰে৷ তেতিয়া সেই নিৰ্দিষ্ট শ্বেয়াৰটোত অস্বাভাৱিক উত্থান হয়৷ এই উত্থানৰ হাৰ অকল্পনীয় আৰু অভাৱনীয় হ’ব পাৰে৷ মাল্টিবেগাৰ ষ্টকৰ পৰা এবছৰত উপাৰ্জন হোৱা ধনৰ পৰিমাণ জানিলে হতহম্ব হোৱাটোৱে স্বাভাৱিক৷ তেনে এক উদাহৰণ ইয়াত দিব বিচাৰিছো৷

লগতে পঢ়ক চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

Cressanda Solutions Ltd. নামৰ কোম্পানীটো ২০২১ বৰ্ষত মাল্টিবেগাৰ ষ্টক হিচাপে চিহ্নিত হৈছে৷ এবছৰ পূৰ্বে Cressanda Solutions Ltd.. নামৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ দাম আছিল ৬০ পইচা(০.৬০ টকা)৷ আৰু এবছৰৰ ভিতৰত ইয়াৰ মূল্য ৩২.১৫ টকালৈ বৃদ্ধি হয়৷ এই বৃদ্ধিৰ হাৰ ৫২০০ শতাংশ৷ অৰ্থাৎ এবছৰ পূৰ্বে যদি কোনো লোকে এই কোম্পানীটোত ১০ হাজাৰ টকা বিনিয়োগ কৰিছিল, তেন্তে তেওঁৰ সেই ১০ হেজাৰ টকা বৃদ্ধি হৈ ৫ লাখ ৩০ হাজাৰ টকা হৈছিল৷ বিনিয়োগকাৰীয়ে ১০ হাজাৰ টকাৰ শ্বেয়াৰ কিনি এবছৰত লাভ কৰিছে ৫ লাখ ৩০ হাজাৰ টকা৷

গতিকে মাল্টিবেগাৰ ষ্টকত বা শ্বেয়াৰত বিনিয়োগ কৰিলে কম সময়ত কিমান লাভ অৰ্জন কৰিব পাৰি সেইটো সহজে অনুমেয়৷ অৱশ্যে মাল্টিবেগাৰ ষ্টকত ধন বিনিয়োগ কৰাৰ পূৰ্বে শ্বেয়াৰটো বা কোম্পানীটোৰ ব্যৱসায়িক সম্ভাৱনীয়তাৰ বিষয়ে ভালদৰে জানি ল’ব লাগিব৷ সাম্প্ৰতিক সময়ত দেশত অব্যাহত থকা মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বাবে শ্বেয়াৰ বজাৰত বিক্ৰীৰ প্ৰৱণতা অধিক হৈছে৷ আৰু সেইবাবেই বেছিসংখ্যক শ্বেয়াৰৰ মূল্য যোৱা ২ মাহৰ পৰা একেৰাহে কমিবলৈ লৈছে৷ বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্য আণ্ডাৰভেল্যু হিচাপে স্বীকৃত হৈছে৷

লগতে পঢ়ক পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

শ্বেয়াৰ বজাৰত এনে পতনৰ কাৰণে বহু ষ্টক মাল্টিবেগাৰ পৰ্যায়লৈ অৱনমিত হৈছে৷ ক’ভিডকালীন পৰিস্থিতিয়ে সৃষ্টি কৰা অৰ্থনৈতিক স্থবিৰতা আৰু মুদ্ৰাস্ফীতিৰ বাবে হোৱা অৰ্থনৈতিক অনিশ্চয়তাই ইয়াৰ মূল কাৰণ৷ কিন্তু তাৰ মাজতে মাল্টিবেগাৰ ষ্টকসমূহৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল৷ প্ৰচুৰ সম্ভাৱনা থকা কেইটামান মাল্টিবেগাৰ ষ্টকৰ বিষয়ে ইয়াত উল্লেখ কৰা হ’ল৷

সেইসমূহৰ ভিতৰত Rubfila Internationals, Mold-Tech Technologies, Skipper Ltd., Mangalam Seeds  আৰু Gokul Agro Resourcesৰ কথা ক’ব পাৰি৷

লগতে পঢ়ক হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

Rubfils Internationals নামৰ কোম্পানীটোত মূল ব্যৱসায় তাপৰোধী সূতা আৰু আৱৰণ তৈয়াৰ কৰা৷ ইয়াৰ বৰ্তমান এটা শ্বেয়াৰৰ দাম ৮৫.৬৫ টকা৷ Mold-Tech Technologies নামৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ দাম ১০২.৫৫ টকা৷ Mangalam Seeds নামৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ দাম ৯০.৮৫ টকা আৰু Gokul Agro Resources নামৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ বৰ্তমান মূল্য ১০৮.৩০ টকা৷ এই কেইটা কোম্পানীৰ শ্বেয়াৰক বৰ্তমান মাল্টিবেগাৰ হিচাপে চিহ্নিত কৰা হৈছে৷ আগন্তুক এবছৰৰ ভিতৰত অভাৱনীয় লাভ অৰ্জন কৰাৰ সুযোগ আহিব৷

ভাৰতীয় শ্বেয়াৰ বজাৰত এবছৰৰ ভিতৰত ৯০০ শতাংশ লাভ দিব পৰা মাল্টিবেগাৰ ষ্টকৰ সংখ্যা ৫০টাতকৈ অধিক বুলি শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ ইতিমধ্যে বাচি উলিওৱা হৈছে প্ৰচুৰ সম্ভাৱনীয়তা থকা ৫০ টা মাল্টিবেগাৰ ষ্টক৷ অৰ্থাৎ এনে ষ্টকত এক লাখ বিনিয়োগ কৰিলে ১ বছৰত ১০ লাখৰো অধিক টকাৰ লাভ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পৰৱৰ্তী লেখাত মাল্টিবেগাৰ ষ্টকসমূহৰ এক তালিকা উল্লেখ কৰা হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom love 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammultibagger stocksshare marketstocks markets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?

মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?

মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.