হিন্দু ধৰ্মত ষাঁঠ তথা অম্বুবাচী পূজাৰ বিশেষ গুৰুত্ব আছে৷ আনহাতে অসমৰ কৃষিজীৱী মানুহেও ষাঁঠ অৰ্থাৎ সাত বিশেষভাৱে পালন কৰে৷ সাত লগা কেইদিন অসমৰ কৃষিজীৱী মানুহে মাটি খন্দা, বাঁট কটা, ফলমূলৰ গছৰ পৰা ফল ছিঙা আদি কাম নকৰে৷
ইফালে ষাঁঠ পূজা উপলক্ষে পৰম্পৰাগতভাৱে তলত উল্লেখ কৰা নিয়মসমূহ পালন কৰা হয়৷
- পৃথিৱী ৰজঃস্বলা হোৱা হেতু সেই চাৰিদিন কৃষকসকলে পথাৰত হাল নাবায়। বীজ ৰোপন কাৰ্যও বন্ধ কৰি ৰাখে। মাটি খন্দা, কোৰ মৰা আদি কামৰ পৰা বিৰত থাকে। তঁৰাল ঘৰ নুচুৱে বা তঁৰালঘৰৰ পৰা ধান নানে।
- ইফালে মাটিত পৰা বস্তুও বহু লোকে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে৷ সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰত গ্ৰহণ কৰে।
লগতে পঢ়ক সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!
- ষাঁঠৰ কেইদিন হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ-মন্দিৰ আদিত প্ৰৱেশ নকৰে। পূজা-পাতল কৰা, চাকি-বন্তি জ্বলাৱা আদি সকলো ধমমীয় কাম-কাজৰ পৰা আঁতৰত থাকে। অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা-উৰা নকৰে।
- লগতে আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী, পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷ আমতিৰ সময়ত শিপিনী সকলে শালত নবহে। আমতি ভাঙাৰ পিছত ৰন্ধা-বচা কৰা, কাজল: কৰা হয়৷ আন সকলো বস্তু যেনে চৰু-হাৰি, ঢাৰি-পিৰা আনকি গচা, তামোল খখুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয়।
- ঘৰ-কাতী আলতীয়া মাটিৰে মুঁচি-কাচি তাৰ পিছত ঘৰৰ তিৰোতা মানুহে গা-পা ধুই সকলো ফালে পানী চটিয়াই শুধ কৰে৷ এৱা গাখীৰত সোণ-ৰূপ জাবোকা মাৰি দুবৰিৰে চটিয়াই শুধ কৰে। ঘৰ-চোতালবোৰ গোবৰ পানী চটিয়াই শুধব কৰে।
লগতে পঢ়ক কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!
- ষাঁঠৰ লগত জড়িত নাৰীসকলৰ আছুতীয়া উৎসৱ হ’ল বৰাত (বৰত) বা ব্ৰত৷ এই সময়ত উৰুলি জোকাৰেৰে পানীৰ তলৰ পৰা বোকামাটি তুলি আনি নামনি অসমৰ অঞ্চল বিশেষত সধৱা তিৰোতাসকলে বৰাত পূজা বা ব্ৰত উৎসৱ পালন কৰে।
- সন্যাসী, ৰন্ধা বা সিজোৱা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকে। এই কেইদিনত সন্ধ্যা উপাসনা, পূজা-পাতল আদিও নিষেধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ