ব্যক্তিগত হাস্পতালটো সুৰক্ষিত নহয় ৰোগী! সেই কথাকে প্ৰমাণ কৰি এখন ব্যক্তিগত হাস্পতালত অতি কৰুণ ঘটনা সংঘটিত হৈছে৷
হাৰিয়ানাৰ পানীপতৰ এখন ব্যক্তিগত চিকিৎসালয়ত এটি দুদিনীয়া নৱজাতকক এটা কুকুৰে কামুৰি-বখলিয়াই হত্যা কৰিছে৷ চিকিৎসালয়খনত স্থাপন কৰা চিচিটিভিৰ ফুটেজ এই সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে৷
ফুটেজত দেখা গৈছে এটা কুকুৰটোৱে ভিতৰলৈ প্ৰৱেশ কৰি আইতাকৰ ওচৰত শুৱাই থোৱা কেচুৱাটোক মুখেৰে কামুৰি বাহিৰলৈ উলিয়াই নি হত্যা কৰে৷
লগতে পঢ়ক সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক
মঙলবাৰে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰি কয় যে সোমবাৰ আৰু মঙলবাৰৰ মাজৰ নিশা এটা দুদিনীয়া শিশুক (ল’ৰা) আইতাকৰ কাষত মজিয়াত শোৱাই থোৱা হৈছিল। তেনে অৱস্থাতে কুকুৰটোৱে ভিতৰলৈ সোমাই গৈ এই কাণ্ড সংঘটিত কৰে৷ আৰক্ষীৰ মতে, চিকিৎসালয়খনত কুকুৰটোক প্ৰৱেশ কৰা কোনেও দেখা নাপালে।
১৩-১৭ নং ছেক্টৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (SHO) বিজয় কুমাৰে জনোৱা মতে, কুকুৰটোৱে চিকিৎসালয়ত প্ৰৱেশ কৰি মজিয়াত আইতাকৰ সৈতে শুই থকা নৱজাতকটিক কামুৰি বাহিৰলৈ উলিয়াই নিয়ে। কিছু মুহূৰ্তৰ পিছত শিশুটি ক’তো বিচাৰি নেপাই আত্মীয়ই এলাৰ্ম বজায়। ইয়াৰ পিছতে ষ্টেচন ইনচাৰ্জে বিচাৰ খোচাৰ কৰি দেখে যে এটা কুকুৰে নৱজাতকটিক বখলিয়াই হত্যা কৰিছে।
নৱজাতকটিক উদ্ধাৰ কৰাৰ পিছতে চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কুমাৰে জনোৱা মতে নিহত শিশুটিৰ পৰিয়াল উত্তৰ প্ৰদেশৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















