কোভিড সংহাৰে সমগ্ৰ বিশ্বৰে বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰখন সংকোচিত কৰি অনাৰ লগতে কৰ্মৰত চাকৰিয়াল সকলৰো চাকৰিৰ নিশ্চয়তা নোহোৱা হৈছে৷ সেয়ে চাকৰি নিশ্চিত কৰিবলৈ কৰ্মৰত চাকৰিয়ালসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিছে৷
ঠিক তেনে সময়ত এটা খবৰে সমগ্ৰ বিশ্বতে তুমুল চৰ্চা লাভ কৰিছে৷ প্ৰকাশিত খবৰ মতে এগৰাকী বেচৰকাৰী খণ্ডত কৰ্মৰত চাকৰিয়াল একাউন্টত এমাহৰ দৰমহাৰ সলনি সোমালে ২৮৬ মাহৰ দৰমহা৷ অৰ্থাৎ প্ৰায় ২৪ বছৰৰ দৰমহা৷ একাউণ্টত এই বিশাল পৰিমাণৰ দৰমহা সোমোৱাৰ লগে লগে লোকজনে কৰ্মক্ষেত্ৰ ত্যাগ কৰাই নহয় তেওঁ আত্মগোপনো কৰিছে৷
এই ঘটনাটো ঘটিছে দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত৷ ফৰ্চুন ডট কমৰ এক প্ৰতিবেদন অনুসৰি যোৱা মাহত চিলিৰ এটা কোম্পানীৰ এজন কৰ্মচাৰীৰ একাউণ্টত ২৮৬ মাহৰ দৰমহা জমা হৈছিল। ব্যক্তিজনে নিজৰ একাউণ্টটো চেক কৰি প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল যদিও পিছত তেওঁ নিশ্চিত হ’ল যে এমাহৰ দৰমহাতকৈ ২৮৬ গুণ দৰমহা লাভ কৰিছে।
লগতে পঢ়ক ১ জুলাইত জনতাৰ বাবে ভাল খবৰ! হ্ৰাস হ’ল ৰন্ধন গেছৰ মূল্য
আনহাতে, কোম্পানীটোৱে এই বিষয়ে গম পোৱাৰ লগে লগে কৰ্মচাৰীজনৰ লগত যোগাযোগ কৰি তেওঁক কাৰ্যালয়লৈ মাতিলে। কৰ্মচাৰীজন কাৰ্যালয়ত উপস্থিত হৈ টকা ঘূৰাই দিবলৈ কোম্পানীক প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু লোকজনে টকা ঘূৰাই দিবলৈ মান্তি হ’ল যদিও হয়তো তেওঁ ইমানেই লোভী আছিল যে তেওঁ সেই সিদ্ধান্ত সলনি কৰি অন্য এক সিদ্ধান্ত ল’লে।
প্ৰথমে লোকজনে কোম্পানীৰ পৰা পদত্যাগ কৰিলে আৰু তাৰ পিছত কোনেও গম নোপোৱাকৈ আত্মগোপন কৰিলে। অৰ্থাৎ কোনো অজ্ঞাত স্থানলৈ পলায়ন কৰে৷
খবৰ অনুসৰি, কোম্পানীয়ে ভুলক্ৰমে তেওঁক দৰমহা হিচাপে প্রায় ডেৰ কোটি টকা প্ৰদান কৰিছিল৷
বৰ্তমান কৰ্মচাৰীজনৰ পলায়নৰ পিছত কোম্পানীটোৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পলাতক লোকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ