কাৰাগাৰত বন্দী হৈ থকা যোৰহাটৰ দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই সন্দৰ্ভত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সামাজিক মাধ্যমত বৰ্ষাশ্ৰীৰ মুক্তি দাবীত ব্যাপক প্ৰচাৰ চলাৰ পিছতে বিষয়টোৱে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰে৷
ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত অতি তৰল মন্তব্য প্ৰকাশ কৰি সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হয়৷ আনকি অন্য এগৰাকী শীৰ্ষ আৰক্ষী জিপি সিঙেও টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ বাধ্য হয়৷ তেওঁ টুইট কৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া কৰি জুবিন গাৰ্গৰ প্ৰসংগ আনি অসম আৰক্ষীয়ে খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰাৰ স্থিতি লোৱাৰো অভিযোগ কৰে৷
ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কবিতা লিখাৰ বাবে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷
লগতে পঢ়ক আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?
‘‘যুৱতীগৰাকীক কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। গ্ৰেপ্তাৰ নকৰিলে আলফালৈ গুচি গ’লহেঁতেন। একাংশই জানি–বুজিও কথাটোত ৰহস্য সানি আছে। আজি ৰাতিপুৱাও মই জে’ললৈ মানুহ পঠিয়াইছো তাইৰ লগত কথা পাতিবলৈ।’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সুৰতে এইদৰে কয়৷
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে এবাৰ দেউতাক–মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ, তেতিয়া মুক্তি হ’ব। কিন্তু আলফাত গ’লে আকৌ মানৱ বোমা হৈ আহি আমাকে মাৰিব। গতিকে আমি জনাৰ পিছত ছোৱালীজনীক আলফাত কেনেকৈ যাব দিম। তাই ধৰক আলফাত গ’ল, আকৌ আলফাই AK-47 দি পঠিয়াই দিব, তেতিয়া কি হ’ব? নিজৰ ছোৱালী তাইকতো বচাব লাগিব।
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, কবিতা লিখা কথাটো বেলেগ, কবিতা আপুনি–ময়ো লিখি আছো। কিন্তু কবিতা লিখাৰ লগতে আৰু এটা কথা জড়িত হৈ আছে যে তাই আলফাতো যাব খোজো বুলি কৈছে। তাই নিজেই লিখি গৈছে যে ৰাষ্ট্ৰদ্ৰোহ মই বাৰে বাৰে কৰিম। কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰদ্ৰোহ বাৰে বাৰে কৰিম, তেতিয়া গ্ৰেপ্তাৰ নকৰিলে দেশত আইন–কানুন কি থাকিব? কবিতাৰ পাকচক্ৰত পৰি মানুহৰ নিৰাপত্তাৰ লগত খেলিব নোৱাৰে। যেতিয়া ছোৱালীজনীৰ লগত কথা পতা হৈছে, তাই কৈছে মই আলফাত যাম।
লগতে পঢ়ক পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ
ইপিনে কাৰাৰুদ্ধ ছাত্ৰীগৰাকীক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰাই দিয়া হ’ব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছো, মই পৰীক্ষাতো দিব খোজো, দিব দিব লাগে। ঠিক আছে পৰীক্ষা দিয়ক। কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে ছোৱালীজনীক যদি এৰি দিওঁ, কাইলৈ যদি সেই ছোৱালীজনীয়ে গণেশগুৰিত বোমা ফুটাই দিয়ে তেতিয়া কি হ’ব? পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক, ভাল ৰাষ্টাত আহক, সেইটো আমি বিচাৰো।
আফলা(স্বা)লৈ যুৱক-যুৱতীৰ সোঁত বৈ থকাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে আৰু কয় আলফাত যোৱাৰ পিছত ৪২জন ল’ৰা–ছোৱালী মৰি গৈছে কেম্পত, কিবা কাৰণত তায়ো যদি মৰি যায়, তাইক যদি কোনোবাই মাৰি পেলাই, বোলে মই মৃত্যুদণ্ড দিলো, পৰহি যদি পেপাৰত আহি যায় নিউজ যে অমুকক আমি মৃত্যুদণ্ড দিলো, তেতিয়া কি হ’ব? ছোৱালীজনীৰ কথা চিন্তা কৰক। কাউন্সেলিং বিভিন্ন পৰ্যায়ত চলি আছে। যোৱাকালিও ছোৱালীজনীৰ লগত আমাৰ মানুহে কথা পাতিছে, যোগাযোগ চলি আছে। কিন্তু কবিতা লিখাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ