• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ

ৰাম মন্দিৰ

6 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

1 hour ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

3 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

3 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

4 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

5 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ৰাম মন্দিৰ

এটি সাময়িক টোকা

editor by editor
August 5, 2020
in লেখা
0
ৰাম মন্দিৰ
0
SHARES
459
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ৷ কিন্তু হিন্দু ধৰ্মৰ শাখা, প্ৰশাখা, ঠালঠেঙুলি বহু৷ উদাহৰণ স্বৰূপে, মই এজন হিন্দু৷ কিন্তু, মই যিটো ধৰ্মীয় পৰম্পৰাত ডাঙৰ দীঘল হৈছোঁ তাত, মূৰ্তি বা পূজা-পাতল নিষেধ, কেৱল হৰি নামহে সাৰ৷ অথচ মোৰ শ্ৰীমতী কিন্তু পূজা-পাতলতো বিশ্বাসী৷ সি যি নহওক বাৰু; হিন্দু ধৰ্মত বিশ্বাসী যিকোনো এটা ঠালে ভাৰতত এটা  ৰাম মন্দিৰ সাজিব বিচাৰিছে৷ যিসকলে সাজিব বিচাৰিছে, তেওঁলোকে ধন-বিত যোগাৰ কৰি সাজক, তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আমাৰ আপত্তি কৰিবলগীয়া একো নাছিল, যদিহে আজি অযোধ্যাত সাজিবলগীয়া মন্দিৰটোৰ ঠাইখিনি বিতৰ্কিত নহ’লহেঁতেন৷ তাত থকা পাঁচশ বছৰীয়া বাবৰি মচজিদটো ১৯৯২ৰ ৬ ডিচেম্বৰৰ দিনা এচাম উন্মাদ লোকে নাভাঙিলেহেঁতেন৷ বাবৰি মচজিদটো সজাৰ আগতে তাত কি আছিল, সেই কথা কোনেও আজিলৈ নিশ্চিতকৈ ঠাৱৰ কৰিব পৰা নাই৷ তাত ৰামৰ জন্ম হৈছিল বোলা কথাটো বৰ গোলমলীয়া৷ ৰাম এক ঐতিহাসিক চৰিত্ৰনে? যদি ৰাম ঐতিহাসিক চৰিত্ৰ, তেওঁ ভগৱান হ’বই নোৱাৰে৷ কিয়নো ভগৱানৰ কোনো জন্ম নাই, নাই কোনো মৃত্যু৷ ভগৱানৰ ধাৰণাটো কি ? ভগৱান সৰ্বজ্ঞানী, সৰ্বশক্তিশালী আৰু সৰ্ববিদ্যমান (omniscient ,omnipotent, omnipresent) যদি ৰাম ঐতিহাসিক চৰিত্ৰ নহয়, ভগৱানহে তেন্তে তেওঁৰ কোনো জন্মভূমি থাকিব নোৱাৰে৷ আমি জানো, আখ্যানৰ ঐতিহাসিক ব্যাখ্যা হয়, কিন্তু সেই ব্যাখ্যা লোক অধ্যয়ন, নৃতাত্তিক, বা সমাজতাত্তিকহে৷ আখ্যানৰ পৰা বাস্তৱ হুবহু সৰি নপৰে৷ আখ্যানে আমাৰ সংস্কৃতিহে চহকী কৰে আৰু এইদৰে যদি আমি ইতিহাসৰ পুনৰনিৰ্মাণ কৰো৷ আমাৰ অবিৰত কাম হ’ব ধ্বংস কৰা আৰু নিৰ্মাণ কৰা৷ কিন্তু তাত আৰু ইতিহাস বুলি একো নাথাকিব৷

কল্যাণ সিঙৰ দিনত বাবৰি মচজিদ ভাঙি পেলোৱা হ’ল৷ এতিয়া, মোদীৰ ৰাজত্বত চৰকাৰ অনুগামী উচ্চতম ন্যায়লয়ে অযোধ্যাৰ বিবদামান ঠাইত ৰাম মন্দিৰ সাজিবলৈ অনুমতি প্ৰদান কৰিলে৷ একালৰ চৰকাৰ অনুগামী মুখ্য ন্যায়াধীশে এই ৰায়ৰ প্ৰতিদানো পালে৷ কিন্তু সেই ৰায়দানতো আইনৰ শাসনৰ প্ৰতি ধনিষ্ঠামান আস্থা দেখুৱাই তেওঁলোকে বাবৰি মচজিদ ধ্বংসক গৰিহণা দিবলৈ বাধ্য হ’ল৷ ৰাষ্ট্ৰ আৰু ন্যায়পালিকাই যেতিয়া ঐকবদ্ধহৈ কাম কৰে৷ তেওঁলোকে উচিতক অনুচিত কৰিব পাৰে,অনুচিতক উচিত কৰিব পাৰে৷ তাৰ বিৰোধিতা কৰা মানুহক জেলত ভাৰব পাৰে৷ যি নহওক, সেই পৰ্ব সিমানতে শেষ হ’ল৷ দুখ বেজাৰে মুছলমানসকলেও তাকে মানি ল’লে৷ আমিও ভাবিলো যি হ’ল হ’ল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ উৎস এটাৰ সমাপ্তি হ’ল৷

কিন্তু, এতিয়া কি হৈছে? কল্যাণ সিঙে ভাঙিবলৈ দিলে, মোদীৰ মদতপুষ্ট হৈ গগৈ মুখ্য ন্যায়াধীশে পাতিবলৈ অনুমতি দিলে৷ এতিয়া ক’ৰোনা কালত আন বন কাটি কৰি আদিত্যনাথে মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে৷ মই টিভি নাচাওঁ ,কিন্তু মোক কোনো কোনোৱে কৈছে৷ আৰু মই খবৰৰ কাগজত দেখিছো৷ আমাৰ অসমীয়া কাগজবোৰৰ প্ৰায় আটাইকেইখনেই বেছ তালীয়া৷ সুবিধাবাদ আৰু চৰকাৰ তোষণত তেওঁলোক আগৰণুৱা৷ বাকী হিন্দু মুলুকৰ খবৰ কাগজৰ কথা নকলোৱেইবা৷ অ’ খবৰৰ কথা কৈছো৷ এইকেইদিন হেনো পাঁচখন ৰাফেল আৰু অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ খবৰে টিভি আৰু খবৰৰ কাগজত খলকনি লগাই আছে৷ চৰিওফালে ৰজনজনাই আছে৷ এৰা হয়তো৷ ক’ৰোনা আক্ৰন্তত দেশে অভিলেখ কৰিবলৈ গৈ আছে, প্ৰধানমন্ত্ৰীৰ মাত এষাৰ নাই৷ দেশৰ অৰ্থনীতি উছন হ’ল, কৰ্ম সংস্থানৰ অভাৱত মানুহে হা হা কা কা কৰি ফুৰিছে৷ ৰাজ্যসমূহক জিএছটিৰ পইচা দিবলৈ কেন্দ্ৰৰ হাতত ধন নাই, দেশৰ অৰ্থাব্যৱস্থা থৰক বৰক৷ এটাৰ পিছত এটাকৈ ৰাজহুৱা খণ্ডৰ বিক্ৰী চলি আছে, ৰেল গ’ল, তেল গ’ল, পানী গ’ল৷ কামৰ কামটো কি? বোলে অযোধ্যাত ৰাম মন্দিৰ এটা হৈছে! বাহ, বাহ!  দেশ ৰসাতলে গৈছে যাবলৈ দিয়ক, অযোধ্যাৰ ৰাম মন্দিৰকলৈ যিমান পাৰা সিমান প্ৰচাৰ চলাওক, যাতে সংখ্যাগৰিষ্ঠ হিন্দু ভোট আপোনালোকৰ দখলত ৰাখিব পাৰে৷ ধৰ্মৰ কথা কৈ মানুহক ঘৃণা কৰে! কওকচোন  কোনখন ধৰ্মৰ কিতাপে মানুহক ঘৃণা কৰিবলৈ শিকায়?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Paresh Malakarram mandir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
Next Post
১৪ জুনত নহয়, ১৩ জুনত মৃত্যু হৈছিল সুশান্তৰ

১৪ জুনত নহয়, ১৩ জুনত মৃত্যু হৈছিল সুশান্তৰ

হুণ্ডাই শ্ব’ৰূমত চাকৰি পালে কুকুৰে

হুণ্ডাই শ্ব’ৰূমত চাকৰি পালে কুকুৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.