অন্য এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ঘটনা সংঘটিত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী ভুক্তভোগী মহিলাই আৰক্ষী কাষ চপাৰ পিছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশৰ ভূপালৰ গৌতম নগৰৰ এহাল দম্পতীৰ মাজত বিবাহৰ পিছৰে পৰা সংঘাত সৃষ্টি হৈ আহিছিল৷ বৈবাহিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ লোৱাত স্বামীৰ এজন বন্ধুৱে সংঘাত নিষ্পত্তি কৰিবলৈ দুয়োৰে মাজ সোমাই পৰে৷
হাছিব ছিদ্দিকী নামৰ বন্ধুজনে দম্পতীহালৰ সংঘাত মীমাংসা কৰিবলৈ প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিবলৈ ধৰে৷ এদিন স্বামী ঘৰত নথকা অৱস্থাত হাছিব ছিদ্দিকীয়ে বন্ধু পত্নীক ধৰ্ষণ কৰে৷
লগতে পঢ়ক আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত
এই কথা স্বামীক কোৱাৰ লগে লগে স্বামীয়ে মহিলাগৰাকীক ট্ৰিপল তালাক দি ঘৰৰ পৰা উলিয়াই দিয়ে৷ উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ভূপালৰ পৰা ইন্দোৰলৈ গুচি যায় আৰু অৱশেষত আৰক্ষী থানাত স্বামী আৰু স্বামী বন্ধুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷
ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২৮ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতহে বিবাহপাশত আৱদ্ধ হৈছিল৷
লগতে পঢ়ক ৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল
ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ট্ৰিপল তালাক আৰু ধৰ্ষণৰ বিৰুদ্ধে ভাৰতী দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷
অতিৰিক্ত আৰক্ষী আয়ুক্ত শচীন অতুলকাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী আৰু স্বামীৰ বন্ধুগৰাকীৰ বিৰুদ্ধে গোচৰৰ ৰুজু কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















