এলাহাবাদ উচ্চ ন্যায়ালয়ে এগৰাকী বিবাহিতা মহিলাই প্ৰেমিকৰ সৈতে লাইভ-ইন বাস কৰা সন্দৰ্ভত কৰা ৰায়দানে দেশজুৰি চৰ্চা লাভ কৰিছে।
যোৱা শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰেমিকৰ সৈতে লিভ-ইনত বাস কৰা বিবাহিতমহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক পাঁচ হাজাৰ জৰিমনা বিহি কয় যে ন্যয়ালয়ে এগৰাকী বিবাহিত মহিলা আৰু তেওঁৰ প্ৰেমিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে৷
এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে এইটো কয় যে এনে সম্পৰ্কৰ ক্ষেত্ৰত বিবাহিত মহিলাগৰাকীকো সুৰক্ষা প্ৰদান কৰিব নোৱাৰি৷ কিয়নো দেশ সংবিধানৰ মতে চলে আৰু সংবিধানে এই অনুমতি প্ৰদান কৰা নাই৷
লগতে পঢ়ক ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ
উল্লেখ্য যে এগৰাকী বিবাহিত মহিলাই তেওঁ প্ৰেমিকৰ সৈতে লাইভ-ইন বাস কৰি আহিছে আৰু ইয়াৰ বাবে তেওঁলোকে সুৰক্ষা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ত বিবাহিত মহিলাগৰাকীয়ে ব্যক্তি স্বাধীনতাৰ আওতাত তেওঁলোকৰ সম্পৰ্কটো ন্যায়িকভাৱে সুৰক্ষা প্ৰদান কৰিব লাগে বুলি আবেদন কৰিছিল৷
কিন্তু ন্যায়ালয়ে লিভি-ইনত বাস কৰা বিবাহিত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক ৫ হাজাৰ জৰিমনা বিহি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা নহয় বুলিহে মন্তব্য কৰে, কাৰণ দেশখন সংবিধানৰ দ্বাৰাহে চলে৷
ন্যায়ালয়ে কয় যে দেশত লাইভ-ইনত বাস কৰা অনুমতি আছে, কিন্তু আবেদনকাৰীসকলক স্বামী-স্ত্ৰী বুলি ক’ব নোৱাৰি৷ বৈচিত্ৰময় সামাজিক নৈতিকতাৰ বিপৰীতে তেওঁলোকে লাইভ-ইন সম্পৰ্কত বাস কৰি আছে। অৱশ্যে আদালতে সমলিংগ লোকৰ লগত থকাত কোনো বাধা নাই। ইফালে ভাৰতীয় সমাজে লাইভ-ইন মানি নলয়। সেয়েহে আদালতে অবৈধতাৰ অনুমতি দিব নোৱাৰে।
লগতে পঢ়ক আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত
আবেদনকাৰীয়ে দাবী কৰে যে তেওঁৰ স্বামীৰ অত্যাচাৰৰ বাবে স্বামী ঘৰৰ পৰা ওলাই আহিছে আৰু তাৰ পিছত দুয়োৰে সন্তান লাইভ-ইন পাৰ্টনাৰৰ সৈতে একেলগে আছে।
স্বামীয়ে হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি বিবাহিত মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে থাকিবলৈ লৈছে। কিন্তু আবেদনকাৰীয়ে এই সন্দৰ্ভত আৰক্ষীত এজাহাৰ দাখিল কৰা নাছিল। নিয়ম অনুসৰি আৰক্ষীৰ ওচৰত অভিযোগ দিব পাৰিব বুলি আদালতে জনাইছে।
ন্যায়ালয়ে স্পষ্টভাৱে কয় যে ভাৰতীয় সংবিধানে লাইভ-ইন সম্পৰ্কৰ অনুমতি দিব পাৰে৷ কিন্তু এই ৰিট আবেদন উল্লেখ থকা সম্পৰ্কতো অবৈধ সম্পৰ্কৰ বাহিৰে আন একো নহয়, গতিকে এনে অবৈধ সম্পৰ্কক ন্যায়ালয়ে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ