এইবাৰ ঘৰৰ ভাড়াৰ ওপৰতো সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST আৰোপ কৰা হ’ব। ১৮ জুলাইৰ পৰাই কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি এই নিয়ম বলৱৎ কৰা হয় তেনে ঘৰ ভাৰাৰ বাবদ ভাৰাতীয়াই জিএছটি দিব লাগিব৷ অৱশ্যে সকলো শ্ৰেণীৰ ভাৰাতীয়াক ইয়াৰ আওতালৈ অনা হোৱা নাই৷
শেহতীয়াকৈ কাৰ্যালয় বা খুচুৰা বিপণী আদি ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে লোৱা ঘৰৰ ভাড়াৰ ওপৰত এই কৰ আৰোপ কৰা হৈছিল। কিন্তু নতুন নিয়ম অনুসৰি যদি ভাড়াতীয়াৰ পেছাদাৰী কাৰণত জিএছটি পঞ্জীয়ন কৰা হয় তেন্তে তেওঁ ভাড়াতীয়া আৱাসিক সম্পত্তিৰ ওপৰতো ১৮ শতাংশ অতিৰিক্ত কৰ দিব লাগিব।
জি এছ টিৰ অধীনত সামৰি লোৱা সকলো পঞ্জীয়নভুক্ত ভাড়াতীয়াই এই হাৰত কৰ আদায় দিব লাগিব। অৱশ্যে সেই কৰ ইনপুট টেক্স ক্ৰেডিটৰ নিয়ম অনুসৰি ঘূৰাই দিয়া হ’ব।
লগতে পঢ়ক ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই
জিএছটিৰ নিয়মত কোৱা হৈছে যে যদি কোনো দৰমহা পোৱা সাধাৰণ মানুহে জীৱন-যাপনৰ বাবে ঘৰ বা ফ্লেট ভাড়াত লয় তেন্তে তেওঁ এই কৰ দিব নালাগে। কিন্তু যিসকলে স্বনিয়োজনত নিয়োজিত বা স্বনিয়োজিত হৈ আছে তেওঁলোকে এই কৰ আদায় কৰিবলগীয়া হ’ব পাৰে বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।
স্বনিয়োজিত ব্যক্তিয়ে যদি নিজৰ ঘৰৰ পৰাই নিজৰ জি এছ টি পঞ্জীয়নভুক্ত বৃত্তিটোক সেৱা আগবঢ়ায় আৰু তেওঁলোকৰ বাৰ্ষিক আয় কৰযোগ্য আয়তকৈ অধিক হয় তেন্তে ঘৰৰ ভাড়াৰ ওপৰত অতিৰিক্ত ১৮ শতাংশ কৰ আদায় দিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















