আজিও সমগ্ৰ বিশ্বতে পৰম্পৰাৰ নামত বহুতো ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাস চলি আছে। ইয়াৰ মাজত মহিলাৰ ঋতুস্ৰাৱক লৈ থকা ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাসজনিত আচাৰসমূহো অন্যতম৷ ভাৰতৰ দৰে দেশত মহিলা ঋতুস্ৰাৱক অশৌচ বুলি গণ্য কৰি বিভিন্ন প্ৰকাৰেৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰেই চলোৱা হয়৷ আনকি ঋতুস্ৰাৱকালীন অৱস্থাত অতি অস্বাস্থ্যসন্মত এক ব্যৱস্থা আৰু পৰিৱেশত থাকিবলৈ দিয়া হয় মহিলাক৷
তেনে এক সময়তে বিশ্বৰ এখন দেশে এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেশখনে মহিলাৰ ঋতুস্ৰাৱকালীন সামগ্ৰীসমূহ বিনামূল্যে যোগান ধৰিবলৈ আইন প্ৰণয়ন কৰি বলৱৎ কৰিছে৷
এই আইন প্ৰণয়ন কৰা বিশ্বৰ একমাত্ৰ দেশখন হৈছে স্কটলেণ্ড৷ স্কটলেণ্ডত পিৰিয়ড প্ৰডাক্টছ (ফ্ৰী প্ৰভিজন) স্কটলেণ্ড আইন বলৱৎ কৰা হৈছে৷ এই আইন প্ৰণয়ন কৰি স্কটলেণ্ড বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে, য’ত ঋতুস্ৰাৱৰ সামগ্ৰী বিনামূলীয়াকৈ উপলব্ধ কৰাৰ বাবে আইন বলবৎ কৰা হৈছে।
লগতে পঢ়ক কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?
এই আইন প্ৰণয়ন কৰা স্কটিছ চৰকাৰে কয় যে ‘পিৰিয়ড প্ৰডাক্টছ এক্ট’ বলবৎ হোৱাৰ লগে লগে, ঋতুস্ৰাৱৰ সামগ্ৰীৰ মুক্ত প্ৰৱেশৰ অধিকাৰ আইনগতভাৱে সুৰক্ষিত কৰা বিশ্বৰ প্ৰথমখন চৰকাৰ হিচাপে পৰিগণিত হৈছে।
এই নতুন আইনৰ অধীনত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু স্থানীয় চৰকাৰী সংস্থাসমূহে তেওঁলোকৰ শৌচাগাৰত টেম্পন, চেনিটেৰী নেপকিনকে ধৰি বিভিন্ন ধৰণৰ ঋতুস্ৰাৱৰ সামগ্ৰী যোগান ধৰাটো বাধ্যতামূলক হৈ পৰিব।
স্কটিছ চৰকাৰে ইতিমধ্যে ২০১৭ চনৰ পৰা লাখ লাখ টকা ব্যয় কৰি ঋতুস্ৰাৱৰ সামগ্ৰীসমূহ শিক্ষানুষ্ঠানসমূহক বিনামূলীয়াকৈ উপলব্ধ কৰাই আহিছে যদিও এই আইন বলবৎ হোৱাৰ পাছৰে পৰা ই এতিয়া আইনী প্ৰয়োজনীয়তাত পৰিণত হৈছে।
লগতে পঢ়ক ‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?
ইয়াৰ উপৰিও ওচৰৰ স্থান, যেনে স্থানীয় পুথিভঁৰাল বা কমিউনিটি চেণ্টাৰ, য’ত ঋতুস্ৰাৱৰ সামগ্ৰী ক্ৰয় কৰিব পৰা যায়, সেইটো বিচাৰি উলিয়াবলৈ মোবাইল ফোন এপ্লিকেচন এটাও উপলব্ধ কৰা হৈছে।
স্কটলেণ্ডৰ সামাজিক ন্যায় মন্ত্ৰী শ্বোনা ৰবিছনে কয় যে, “বিনামূলীয়া ঋতুস্ৰাৱৰ সামগ্ৰী প্ৰদান কৰাটো সমতা আৰু মৰ্যাদাৰ বাবে অতি প্ৰয়োজনীয় আৰু এই সামগ্ৰীসমূহৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰ্থিক বাধা আঁতৰাই পেলোৱা হৈছে।”
উল্লেখ্য যে ২০২০ চনত এই বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰাৰ পিছতে আইনত পৰিণত কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ