• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

4 years ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

7 minutes ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

37 minutes ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

59 minutes ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

2 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

4 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

13 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

13 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

14 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

editor by editor
September 1, 2022
in জীৱনশৈলী, ভাৰত
0
তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনি তালাকৰ পিছত এতিয়া মুছলমান সম্প্ৰদায়ৰ মাজৰ বহু বিবাহ প্ৰথাও বন্ধ হ’ব নেকি? উচ্চতন ন্যায়ালয়ৰ এক বিশেষ পদক্ষেপৰ পাছতে এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷

প্ৰকাশ পোৱা অনুসৰি উচ্চতম ন্যায়ালয়ে মুছলমানৰ মাজত বহুবিবাহ আৰু নিকাহ হালালা পৰীক্ষা কৰিবলৈ ওলাইছে। উচ্চতম ন্যায়ালয়ে বহুবিবাহ আৰু নিকাহ হালালাৰ বিৰুদ্ধে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰ, এন চি ডব্লিউ, সংখ্যালঘু ৰাষ্ট্ৰীয় আয়োগ আৰু এন এইচ আৰ চিৰ পৰা সঁহাৰি বিচাৰি জাননী জাৰি কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে দশেৰাৰ পিছত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ কথা আছে। জানিব পৰা মতে এই সম্পৰ্কীয় ৯ খন আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে এই জাননী জাৰি কৰিছে। উল্লেখ্য যে এই গোচৰৰ আবেদনকাৰী হৈছে ছামিনা বেগম৷ তিনিটা সন্তানৰ মাতৃ ছামিনা বেগম জীৱনত দুবাৰকৈ বিবাহ বিচ্ছেদৰ বলি হৈছে।

লগতে পঢ়ক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলা বুলি ভুৱা অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ’ল নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধক

তেওঁ এই আবেদনত দাবী জনাইছে যে মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) প্ৰয়োগ আইন, ১৯৩৭ৰ ২ নং ধাৰাটো সংবিধানৰ ১৪, ১৫, ২১ আৰু ২৫ নং অনুচ্ছেদ উলংঘা কৰা বুলি ঘোষণা কৰা হওক, কিয়নো ইয়াত বহুবিবাহ আৰু নিকাহ হালালাক স্বীকৃতি দিয়া হৈছে। লগতে কয় যে ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০ৰ বিধানসমূহ সকলো ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব লাগে।

কেৱল এয়াই নহয়, এই আবেদনতো কোৱা হৈছে যে ‘ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ এ ধাৰা অনুসৰি তিনি তালাক যেনেকৈ এক নিষ্ঠুৰ দণ্ডনীয় অপৰাধ। ঠিক তেনেদৰে নিকাহ-হালালা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ ধাৰা অনুসৰি ধৰ্ষণ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৪ ধাৰা অনুসৰি বহুবিবাহ এক অপৰাধ।

আবেদনখনত আৰু কোৱা হৈছে যে তেতিয়া চলি থকা যুদ্ধৰ পৰা ৰক্ষা পোৱা আৰু কোনো আশ্ৰয় নোপোৱা মহিলা আৰু শিশুৰ অৱস্থা উন্নত কৰিবলৈ কোৰাণত বহুবিবাহৰ অনুমতি দিয়া হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ বাবেই আজিৰ মুছলমানসকলে এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰাবলৈ অনুজ্ঞাপত্ৰ পাইছে।

লগতে পঢ়ক আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

এই আবেদনত আন্তঃৰাষ্ট্ৰীয় আইন আৰু সেই দেশসমূহৰ কথাও উল্লেখ কৰা হৈছে য’ত বহুবিবাহ নিষিদ্ধ। ছামিনাই কৈছে যে সমতা সকলো ব্যক্তিগত আইনৰ ভিত্তি হ’ব লাগে, কাৰণ সংবিধানত নাৰীৰ বাবে সমতা, ন্যায় আৰু মৰ্যাদাৰ কথা কোৱা হৈছে।

ইপিনে বিজেপি নেতা অশ্বিনী উপাধ্যায়েও কিছুদিন পূৰ্বে বিবাহ সম্পূৰ্ণ নিষিদ্ধ আৰু নিকাহ হালালাৰ বাবে আবেদন দাখিল কৰিছিল। এই ক্ষেত্ৰত তেওঁ কয় যে, ই মহিলাৰ মৌলিক অধিকাৰ খৰ্ব কৰে।

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ বুলন্দশ্বাহৰৰ ২৭ বছৰীয়া ফাৰজানাই বহুবিবাহ আৰু হালালাক অসাংবিধানিক ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইয়াৰ আগতেও বহু লোকে বহুবিবাহ আৰু হালালাৰ বিৰুদ্ধে বহুতো আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে হালালাৰ অধীনত এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাই স্বামীৰ সৈতে পুনৰ বিবাহ কৰিবলৈ প্ৰথমে আন এজন পুৰুষক বিয়া কৰাবলগীয়া হয়। দ্বিতীয় স্বামীয়ে বিবাহ বিচ্ছেদ দিলেহে সেই মহিলাগৰাকীয়ে প্ৰথম স্বামীক বিয়া কৰাব পাৰিব। আনহাতে বহুবিবাহৰ নিয়মত এজন মুছলমান পুৰুষৰ চাৰিগৰাকী পত্নীক বিয়া কৰোৱাৰ অনুমতি দিয়া হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamnikah halalapolygamysupreme courttriple talaq
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
Next Post
ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.