আন্তৰ্জাতিক বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ দাম। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস হৈছে যদিও আমাৰ দেশত তিনিমাহ ধৰি পেট্ৰল আৰু ডিজেলৰ দাম মূল্য অপৰিবৰ্তিত হৈয়ে আছে। খাৰুৱা তেলৰ দাম আন্তৰ্জাতিক বজাৰত ৯০ ডলাৰৰ তললৈ নমাৰ পিছতেই এতিয়া বিশেষজ্ঞসকলে ভাৰততো পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হ’ব বুলি মত প্ৰকাশ কৰিছে।
সম্প্ৰতি আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ৯১.৪৮ ডলাৰলৈ হ্ৰাস পাইছে। চলিত মাহতেই সৰ্বাধিক হ্ৰাস পাইছে খাৰুৱা তেলৰ দাম। উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত খাৰুনা তেলৰ দাম প্ৰতি বেৰেলত বৃদ্ধি হৈ ১২৫ ডলাৰলৈ বৃদ্ধি পাইছিল। কিন্তু বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি বিগত ৭ মাহৰ তুলনাৰ চলিত মাহত এই দাম সৰ্বনিম্ন হৈছে।
ইফালে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস হোৱাৰ পিছতো ভাৰতত ইন্ধনৰ মূল্য হ্ৰাস নোহোৱাক লৈ সামাজিক মাধ্যমত একাংশ নেটনাগৰিকে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। নেটনাগৰিকৰ মতে ভাৰতেও আন্তৰ্জাতিক বজাৰৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে। তেনেক্ষেত্ৰত যদি আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য হ্ৰাসেই পাইছে তেন্তে দেশত কিয় হ্ৰাস পোৱা নাই পেট্ৰল-ডিজেলৰ দাম?
লগতে পঢ়ক বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা
আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি হ’লে দেশত পেট্ৰল-ডিজেলৰ দাম যদি বাঢ়ে তেন্তে কমাৰ ক্ষেত্ৰত এই গ্ৰাফ কিয় একেই নহয়? নেটনাগৰিক প্ৰশ্নৰ মাজতেই বিশেষজ্ঞসকলে দেশত অচিৰেই পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ কমাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজতে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিঙে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ’লেও সম্প্ৰতি দেশত পেট্ৰল-ডিজেলৰ মূল্য পৰিৱৰ্তন নহয় বুলিহে ইংগিত প্ৰদান কৰিছে৷
উল্লেখ্য যে দেশৰ প্ৰধান চহৰসমূহৰ ভিতৰত দিল্লীত সোমবাৰৰ দিনটোত পেট্ৰলৰ দাম হৈছে ৯৬.৭২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৯.৬২টকা। কলকাতাত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ১০৬. ০৩ টকাৰ বিপৰীতে ডিজেলৰ দাম ৯২.৬৭ টকা।
ইফালে মুম্বাইত সোমবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ১০৬.৩১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৯৪.২৭ টকা। ইপিনে গুৱাহাটী মহানগৰত সোমবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৬.০১ টকা আৰু ডিজেলৰ দাম ৮৩.৯৪ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















