দেশত সম অধিকাৰ আৰু আইনী সুবিধাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে সমকামী, তৃতীয় লিংগকে আদিক কৰি ট্ৰেন্স পুৰুষ আৰু ট্ৰেন্স মহিলাসকলে৷ তেওঁলোকে এই সংগ্ৰাম অব্যাহত ৰাখিলেও সমাজত এতিয়াও তেওঁলোকক একাষৰীয়া কৰিয়ে চোৱা হয়৷
ইয়াৰ মাজতে ওড়িশাৰ পৰা এক প্ৰেৰণাদায়ক খবৰ আহিছে৷ ওড়িশাত সংঘটিত এটা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে৷ ঘটনাটো ওড়িশাৰ কালাহাণ্ডী জিলাৰ ধুৰকুটি গাঁৱত সংঘটিত হৈছে৷
প্ৰকাশিত খবৰ মতে গাঁওখনৰ এহাল দম্পতীয়ে প্ৰায় পাঁচ বছৰৰ বৈবাহিক জীৱন অতিক্ৰম কৰাৰ পাছতে পত্নীয়ে জানিব পাৰে যে তেওঁৰ স্বামীৰ এগৰাকী ট্ৰেন্স মহিলাৰে প্ৰেমৰ সম্পৰ্ক আছে৷
লগতে পঢ়ক মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?
ফকিৰ নিয়াল নামৰ লোকজনে সংগীতা নামৰ এগৰাকী ট্ৰেন্স মহিলাৰে গভীৰ প্ৰেমৰ সম্পৰ্কলৈ আহে৷ এই সম্পৰ্কৰ বিষয়ে লোকজনৰ পত্নীয়ে অৱগত হোৱাৰ পাছতে যি কাণ্ড সংঘটিত কৰিলে সেই কাণ্ড দেখি গাঁওবাসী আচৰতি হৈ পৰে৷ ইফালে দম্পতীহালৰ এটি সন্তানো আছে৷
পত্নীগৰাকীয়ে এই সমগ্ৰ বিষয়টো তেওঁলোকৰ পৰিয়ালক অৱগত কৰি ট্ৰেন্স মহিলাগৰাকীৰে স্বামীৰ বিবাহ সম্পন্ন কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ অৱশ্যে স্বামীৰ পৰিয়ালে পত্নীৰ এই সিদ্ধান্তক বিৰোধ কৰে৷ কিন্তু পত্নী নিজৰ সিদ্ধান্তত অলৰ অচৰ হৈয়ে থাকিল৷
পত্নীগৰাকীয়ে ইয়াৰ মাজতে সংগীতা নামৰ ট্ৰেন্স মহিলাগৰাকীক নিজ ঘৰলৈ আনি স্বামীৰ পৰিয়ালৰ লোকৰ উপস্থিতিতে স্বামীৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন কৰি দিয়ে৷
লগতে পঢ়ক পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!
ইফালে এই বিবাহৰ পিছত মহিলাগৰাকী স্বামীৰ লগত থাকিব নে বিবাহ বিচ্ছেদ কৰিব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ট্ৰেন্স মহিলাগৰাকীয়ে সংগীতাই কয়, ‘‘মই ফকিৰক ভাল পাইছিলোঁ। আমাৰ সম্পৰ্কৰ কথা জানিব পাৰি দিদি (ফকিৰৰ প্ৰথমা পত্নী)য়ে আমাৰ সম্পৰ্কক আদৰি লৈছিল। মোৰ ফকিৰক বিয়া কৰাবলৈ মন গৈছিল। দিদিয়ে মোক সমৰ্থন কৰিলে। ট্ৰেন্সসকলক সমাজে গ্ৰহণ কৰিব নোখোজে। দিদিয়ে মোক ইমান মৰম দিছে, মই সঁচাই আপ্লুত হৈছো।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ