২৫ বছৰ! ২৫ ধৰি পত্নীয়ে স্বামীৰেৰে সুখেৰে সংসাৰ কৰি আছিল। ২৫ টা বছৰৰ পিছত হঠাতে পত্নীয়ে এনে এক কথা আৱিস্কাৰ কৰিলে যিটো কথাই তেওঁলোকৰ সংসাৰখনকে আউল লগাই দিলে৷ পত্নীয়ে তেওঁৰ জীৱনত যে এনে এটা দিন আহিব বুলি সপোনতো ভাবিব পৰা নাছিল৷
বিয়াৰ ২৫ টা বছৰৰ পিছত পত্নীয়ে স্বামীৰ বিষয়ে এনে এটা কথা জানিব পাৰিলে যে যিটো কথাত তেওঁ মানসিকভাৱে ভাঙি পৰিছে৷ বিয়াৰ ২৫ টা বছৰৰ পিছত পত্নীয়ে ফেচবুকৰ জৰিয়তে জানিব পাৰিলে যে তেওঁৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে৷
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁ এটা ফেচবুক একাউণ্ট খোলাৰ পিছত স্বামী প্ৰফাইল সন্ধান কৰি জানিব পাৰিছে যে স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে৷
লগতে পঢ়ক নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?
মহিলাগৰাকীয়ে কয় যে স্বামীয়ে এটা মুহূৰ্তৰ বাবেও প্ৰতাৰণা কৰা বুলি ভবা নাছিল। তেওঁলোকৰ তিনিটা সন্তানো আছে। ইমান দিনে তেওঁ জানিছিল যে স্বামী এটা বীমা কোম্পানীৰ কৰ্মচাৰী আৰু বীমা কামৰ বাবে তেওঁ দেশৰ বিভিন্ন প্ৰান্তলৈ যাব লগা হয়।
স্বামীয়ে প্ৰতিটো সপ্তাহতে বীমাৰ কামত দেশৰ সিটো মূৰলৈ যাব লাগে বুলি ঘৰৰ পৰা ওলাই যায়। পত্নীয়েও সেই কথাকে সঁচা বুলি ইমান দিনে পতিয়ন গৈছিল৷ কিন্তু ফেচবুকে পত্নীৰ বিশ্বাসৰ অন্ধ চকু খুলি দিয়ে৷ আচলতে ঘৰৰ পৰা ওলাই গৈ স্বামীয়ে দ্বিতীয়টো পৰিয়ালকহে সময় দিয়ে৷
তেওঁ ফেচবুক খুলিয়ে প্ৰথমে স্বামীৰ নাম লিখি স্বামীৰ প্ৰফাইল সন্ধান কৰিছিল। ফেচবুকত চাই দেখে যে প্ৰফাইলত স্বামীৰ দুটা একাউণ্ট আছে৷ এটাত নাম উপাধি সঠিক যদিও আন এটা একাউণ্টত উপাধিটো বেলেগ।
লগতে পঢ়ক পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…
সেই একাউণ্টটো দেখি পত্নীয়ে প্ৰথমে থতমত খালে। প্ৰফাইলটো ভালকৈ চাই দেখে যে সেয়া তেওঁৰ স্বামীৰে হয় আৰু প্ৰফাইলটোৰ মতে তেওঁ আন এগৰাকী মহিলাৰে সম্পৰ্কত আছে। সিমানেই নহয় সেই মহিলাগৰাকীৰ লগত তেওঁৰ দুটা কিশোৰ সন্তানো আছে।
স্বামীৰ প্ৰতাৰণাৰ কাণ্ড ফাদিল হোৱাৰ পাছতে এতিয়া মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ