কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা ২৬ ছেপ্টেম্বৰত ছয় জনগোষ্ঠীৰ সংগঠনসমূহৰ ঐক্য মঞ্চই ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে৷
ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ মৰাণত অনুষ্ঠিত হোৱা এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত লোৱা হৈছে বুলি ঐক্য মঞ্চৰ সূত্ৰই প্ৰকাশ কৰিছে৷
উক্ত কাৰ্যনিৰ্বাহক সভাত ঐক্য মঞ্চই অন্য কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷
লগতে পঢ়ক
সিদ্ধান্ত অনুসৰি, ২২ ছেপ্টেম্বৰত দিছপুৰ বিধানসভা ঘেৰাও কাৰ্যসূচী গ্ৰহণ, ৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ আৰু ১৫ অক্টোবৰত গোগামুখত গণ সমাৱেশৰ আয়োজন কৰিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই।
আনহাতে অহা ১৫ নৱেম্বৰত দিল্লীতো ছয় জনগোষ্ঠীয়ে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইফালে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণাৰ অভিযোগ কৰি প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিৱসলৈকে ধাৰাবাহিকভাৱে ক’লা দিৱস পালন ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ