অসম লাইভ ২৪ঃ T-20 বিশ্বকাপত ভাৰতীয় দলটোৰ লেখত লবলগীয়া খেলুৱৈ যশপ্ৰীত বুমৰাহৰ আঘাতৰ পিছতেই তেওঁ খেলত ভাগ ল’ব পাৰিবনে এই বিষয়সমূহ চৰ্চ হৈ থকাৰ মাজতেই আহিছে বিশেষ খবৰ৷
T-20 বিশ্বকাপৰ ১৫ জনীয়া খেলুৱৈ দলটোত নাথাকে যশপ্ৰীত বুমৰাহ৷ যশপ্ৰীতৰ স্থানত দলটোত খেলাৰ বাবে সুযোগ লাভ কৰিছে মহম্মদ ছামিয়ে৷ অষ্ট্ৰেলিয়াত হ’বলগীয়া আগন্তুক খেলত মহম্মদৰ অভিজ্ঞতাই দলটোক শক্তিশালী কৰিব বুলি আশাবাদী হৈ পৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডো৷
উল্লেখ্য যে পোনতে ১৫ জনীয়া দলটোত ছামিক ৰিজাৰ্ভত ৰখা হৈছিল৷ বুমৰাহ আঘাতপ্ৰাপ্ত হোৱাৰ পিছতেই কাক লোৱা হ’ব সেই বিষয়টোৰ লৈ আলোচনাত মিলিত হৈছিল ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সদস্যসকল৷ কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে ছামিয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ চিৰিজত অংশগ্ৰহণ কৰা নাছিল৷ কিন্তু শেহতীয়াভাৱে চিকিৎসকে ছামিক সুস্থ বুলি ঘোষণা কৰিছে৷ বুধবাৰে অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা হৈছে ছামি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ