অসম লাইভ ২৪ঃ সন্তানৰ ভাল কামৰ বাবে পিতৃ-মাতৃক প্রশংসা কৰাৰ নিয়ম অতীজৰে পৰাই চলি আহিছে। সন্তান বিপথে গ’লেও পিতৃ-মাতৃকেই সমালোচনা কৰা হয়। কিন্তু এই ধাৰা সলনি হ’ব। সন্তানৰ বেয়া কামৰ বাবে পিতৃ-মাতৃক সমালোচনাই কৰা হ’ব এনে নহয়। নতুন আইন অনুসৰি সন্তানৰ বেয়া কামৰ বাবে ন্যায়িক শাস্তি পাব পিতৃ-মাতৃয়েও।
চীনৰ এখন আদালতে আনিছে এই আইন। সন্তানে কোনো অপৰাধ কৰিলে পিতৃ-মাতৃৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। অৱশ্যে এই আইন কমবয়সীয়া লৰা-ছোৱালীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। আগন্তক সপ্তাহৰ পৰাই কাৰ্যকৰী হ’ব লগা এই নিয়মত কেনেধৰণৰ শাস্তি পাব পিতৃ-মাতৃয়ে? নতুন আইন মতে সন্তানৰ কু-কৰ্মৰ বাবে কেৱল শাস্তিয়েই দিয়া হ’ব এনে নহয়। শাস্তিৰ ওপৰিও সন্তানক শুদ্ধ পথত ৰাখিব নোৱাৰাৰ বাবে ৰাজহুৱাভাৱে তিৰস্কাৰো কৰা হ’ব।
এই আইন কাৰ্যকৰী কৰাৰ পূৰ্বে পিতৃ-মাতৃসকলকলৈ এক বিশেষ কৰ্মশালাও অনুষ্ঠিত কৰা হৈছে। কৰ্মশালাৰ যোগেদি পিতৃ-মাতৃক সন্তানক কেনেকৈ শৃংখলাবদ্ধ জীৱন-যাপন কৰিব লাগে সেই সম্পৰ্কে সন্তানক শিক্ষা দিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। চীনা সাংসদ এগৰাকীয়ে এই সন্দৰ্ভত দিয়া মন্তব্যত কয়, ‘সন্তান ডাঙৰ হৈ কি হ’ব, কেনেকুৱা আচৰণ কৰিব, সামাজিকভাৱে জীয়াবলৈ শিকিবনে অসামাজিক কাৰ্যকলাপত লিপ্ত হ’বনে সেয়া নিৰ্ভৰ কৰে পিতৃ-মাতৃয়ে দিয়া শিক্ষাৰ ওপৰত।’
এই যুক্তিৰ আধাৰতেই চীনত বলবৎ কৰা হৈছে এই কঠোৰ আইন। অৱশ্যে সন্তানৰ কু-কৰ্মৰ বাবে শাস্তি দিয়াৰ বিপৰীতে সন্তানে ভাল কাম কৰিলে পিতৃ-মাতৃক পুৰস্কৃত কৰাৰ কথাও আইনত উল্লেখ থকা বুলি জনাইছে চীনৰ সাংসদগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















