অসম লাইভ ২৪ঃ বিদ্যুতৰ বৰ্ধিত মাছুলে চিন্তাত পেলাইছে ৰাজ্যবাসীক। সকলো বস্তুৰে দাম বৃদ্ধি হোৱাৰ সময়তে এপিডিচিয়েলেও বৃদ্ধি কৰিছে মাছুল। মধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ বুলি সামাজিক মাধ্যমত বহুতেই চলাইছে চৰ্চা। কিন্তু বিদ্যুতৰ বিল কমোৱাৰ কোনো উপায় নায়নে? গুগলত বহুতেই চাৰ্ছ কৰে কেনেকৈ বিদ্যুতৰ ব্যৱহাৰ কমাব পাৰি? ব্যক্তিগত এক সংস্থাই চলোৱা সমীক্ষাৰ পিছতেই প্ৰকাশ কৰিছে কেইটামান বিশেষ উপায়।
প্রথম উপায় হিচাপে হিচাপে বৈদুতিন সামগ্ৰীসমূহ ব্যৱহাৰ কৰোতে অনাহক বহুসময়লৈ অন কৰি ৰাখিব নালাগে। গৰমৰ দিনত ব্যৱহাৰ কৰা এচি ক্ৰয় কৰোতে সদায়ে ভাল ব্ৰেণ্ডৰ এচি ক্ৰয় কৰাটো প্ৰয়োজন। বহু এচিয়ে কম পৰিমানে বিদ্যুত গ্ৰহণ কৰে। এচি চলাওতে তাপমাত্ৰা ২৪ ডিগ্ৰী ৰখাটো দৰকাৰী।
ফেন ব্যৱহাৰ কৰোতেও শক্তি ৰাহি হোৱা ফেন ল’ব লাগে। তেনে ফেন ব্যৱহাৰেও বহুপৰিমানে বিদ্যুত ৰাহি কৰে। ইপিনে বিদ্যুত সংযোগৰ পিছত দিয়া মূল চুইছটো প্ৰতিসময়তে অন কৰি ৰখাতকৈ ঘৰৰ পৰা ওলাই আহোতে পৰাপক্ষত অফ কৰি থোৱাটো ভাল। তেনেকৈ অফ কৰি ৰাখিলেও বহু পৰিমানে বিদ্যুত ৰাহি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ