অসম লাইভ ২৪ঃ আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচনক লৈ ব্যাপক চর্চা চলি আছে। তাৰ মাজতে এটা খবৰৰ শিৰোনামে ভাৰতীয়সকলক উৎসাহিত কৰি তুলিছে। এইবাৰ ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ বাবে আছে এটা ভাল খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনৰ ডেমক্ৰেটিক পার্টিৰ পদপ্ৰার্থী জো বিদেনে এগৰাকী ভাৰতীয় বংশোদ্ভৱ উপৰাষ্ট্ৰপতিৰ পদপ্ৰার্থী হিচাপে নির্বাচিত কৰিছে। কেলফর্ণিয়াৰ চিনেটৰ কমলা হ্যাৰিচক নিজৰ দলৰ পৰা উপৰাষ্ট্ৰপতি পদৰ বাবে পদপ্ৰার্থী হিচাপে নির্বাচিত কৰিছে জো বিদেনে। উল্লেখযোগ্য যে মার্কিন ইতিহাসত এয়েই প্ৰথম ভাৰতীয় বংশোদ্ভৱ মহিলা, যিগৰাকীয়ে ৰাজনৈতিক দলৰ হৈ ৰাষ্ট্ৰপতি নির্বাচনৰ যুঁজত অৱতীর্ণ হ’ব। জো বিদেনে টুইটাৰৰ জৰিয়তে জনাইছে যে মই অত্যন্ত গর্বিত যে কমলা হ্যাৰিচক উপৰাষ্ট্ৰপতি পদৰ বাবে নির্বাচন কৰাত। লগতে তেওঁ কৈছে কমলা এগৰাকী সাহসী যোদ্ধা আৰু এগৰাকী উচ্চ পর্যায়ৰ আমোলা। জো বিদেনৰ টুইটৰ পাছতে কমলা হ্যাৰিচে টুইট কৰি জো বিদেনক ধন্যবাদ জনাই লিখিছে- ‘বিদেনে মোৰ বাবে সমগ্ৰ জীৱনত যুদ্ধ কৰিছে আৰু তেওঁহে আমেৰিকাবাসীক একত্ৰিত কৰিব পাৰিব।’ ইয়াৰ পাছতে ডোনাল্ড ট্ৰাম্পে কমলা হ্যাৰিচক নিন্দা কৰিছে। কমলা হ্যাৰিচৰ কাম ভাল নহয় বুলি সমালোচনা কৰিছে ডোনাল্ড ট্ৰাম্পে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















