অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়তে লুধিয়ানাৰ এখন বিবাহ বিশেষ চর্চালৈ আহিছে৷ লুধিয়ানাৰ ২২ বছৰীয়া পূজা আৰু সুদেশ কুমাৰৰ বিয়া সম্ভৱ হ’ল এক মুছলিম দম্পত্তিৰ বাবে৷ হিন্দু ৰীতিমতে সম্পূর্ণ হোৱা এই বিবাহত কন্যাদান কৰে আব্দুল চাজিদ আৰু তেওঁৰ পত্নীয়ে৷ লকডাউনৰ বাবে পূজাৰ পিতৃ-মাতৃ উত্তৰ প্ৰদেশৰ পৰা লুধিয়ানালৈ উভতি অহা সম্ভৱ হোৱা নাছিল৷ ফলত পূজা-সুদেশৰ বিবাহক লৈ অনিশ্চয়তাই দেখা দিছিল৷ এনে সময়তে পূজাই মা-দেউতা বুলি সম্বোধন কৰা আব্দুল চাজিদ আৰু তেওঁৰ পত্নীয়ে কন্যাদান কৰে৷ সম্পূর্ণ হিন্দু পৰম্পৰাৰে সম্পন্ন হোৱা বিবাহখনত বিচনা, আলমিৰা, বাচন-বর্তনৰ লগতে আন লাগতিয়াল সামগ্ৰীসমূহো দান কৰে ধর্ম পিতৃ আব্দুল চাজিদে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ