অসম লাইভ২৪ঃ ঘটনাটো বিচ্ছেদক কেন্দ্ৰ কৰিয়েই৷ পত্নীয়ে বিচ্ছেদ বিচৰা বাবেই একে পৰিয়ালৰে ৭ গৰাকীকৈ লোকক গুলীয়াই হত্যা কৰিছে এজন ব্যক্তিয়ে৷ মৃতসকলৰ ভিতৰত আছে ৫ টাকৈ শিশু৷ এই হত্যাকাণ্ড সংঘটিত কৰি ব্যক্তগৰাকীয়ে নিজেও আত্মহত্যা কৰা বুলি আমেৰিকাৰ এক সংবাদ সূত্ৰই প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে আমেৰিকাৰ ইনোক চিটিৰ পৰা উদ্ধাৰ কৰিছে ৮ টাকৈ মৃতদেহ৷
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদনমতে, মৃত ৮ গৰাকীৰ শৰীৰতেই পোৱা গৈছে গুলীৰ আঘাত৷ নিহত ৮গৰাকীৰ ভিতৰত ৩ জন প্ৰাপ্তবয়স্ক হোৱাৰ বিপৰীতে ৫টাকৈ শিশু৷ মাইকেল হাইটই নামৰ ৪২ বছৰীয়া ব্যক্তিগৰাকীয়ে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে৷ প্রাথমিক তদন্তত প্ৰকাশ পোৱা মতে ২১ ডিচেম্বৰত মাইকেলৰ পত্নীয়ে বিচ্ছেদৰ বাবে আদালতত পিটিশ্যন জমা দিছিল৷ এই বিচ্ছেদ কোনো কাৰণতে স্বীকাৰ কৰিব নোৱাৰিয়েই এইদৰে পত্নী-সন্তানৰ গুলীয়াই অৱশেষত নিজেও আত্মহত্যা কৰে মাইকেলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ