অসম লাইভ২৪ঃ মাইগ্ৰেনত আক্ৰান্ত এজন ব্যক্তিৰ অত্যাধিক পৰিমানে মূৰৰ বিষ হয়৷ এই ৰোগত আক্ৰান্ত ব্যক্তিৰ সাধাৰণতে মূৰৰ এটা ফালে বিষ অনুভূত হয়৷ বহুতৰে ক্ষেত্ৰত মূৰৰ দুয়োফালেই বিষ অনুভৱ কৰে৷ মাইগ্ৰেনত আক্ৰান্ত ব্যক্তিৰ বমি বমি ভাৱ, মূৰঘূৰণি আদি সমস্যাই দেখা দিয়ে৷ এইসকল ব্যক্তিৰ শব্দৰ সংবেদনশীলতাও থাকে৷ অত্যাধিক শব্দ শুনিলে এইসকল লোকক মূৰৰ বিষ বাঢ়ি যায়৷
মাইগ্ৰেণৰ সমস্যা কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰিয়েই কমাব পাৰি৷ এইক্ষেত্ৰত ডায়েট মানি চলা খুবেই জৰুৰী৷ পৰ্যাপ্ত পৰিমানে পানী সেৱন কৰিব লাগে৷ শৰীৰত পৰ্যাপ্ত পৰিমানে পানীৰ সৰবৰাহ নহ’লে মাইগ্ৰেনৰ সমস্যা বাঢ়ি যায়৷ এইক্ষেত্ৰত পৰ্যাপ্ত পৰিমানে পানী নতুৱা ফলৰ ৰস সেৱন কৰি শৰীৰ হাইড্ৰেটেট কৰি ৰাখিব লাগে৷ ভিটামিন-ডি যুক্ত আহাৰ গ্ৰহণ কৰিব লাগে৷ একাধিক গৱেষণাত পোৱা গৈছে যে শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লেও মাইগ্ৰেনৰ সমস্যাই দেখা দিয়ে৷ চৰ্বিযুক্ত মাছ, দুগ্ধজাত সামগ্ৰী, কমলা টেঙা আদি পৰ্যাপ্ত পৰিমানে খাব লাগে৷
ভিটামিন-বিও মাইগ্ৰেনৰ বাবে উপকাৰী৷ নেশ্যনেল হেডেক ফাউণ্ডেছনৰ এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি ভিটামিন-বি মূৰৰ বিষ কমোৱাৰ বাবে উপকাৰী৷ মূৰৰ বিষ কমাবৰ বাবে প্ৰতিদিনে খাদ্যৰ তালিকাত ভিটামিন-বি যুক্ত খাদ্য ৰাখিব পাৰে৷
খোৱাৰ উপৰিও পৰ্যাপ্ত পৰিমানে টোপনিও অতি জৰুৰী৷ পৰ্যাপ্ত পৰিমানে টোপনি হ’লেও মাইগ্ৰেনৰ সমস্যা দূৰ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ