অসম লাইভ২৪ঃ
শীত কমি ফাগুন অহাৰ সময়তে আকস্মিক শিলাবৃষ্টিৰে তচনচ কৰিছে অসমৰ বহুকেইটা এলেকা৷ মৰাণ, ধিং, কাকপথাৰ, লখিমপুৰ, ছিপাঝাৰকে ধৰি বহুকেইটা এলেকাৰ কৃষিভূমি নষ্ট কৰিছে শিলাবৃষ্টিয়ে৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক প্ৰায় ৫ দিনলৈ ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে৷ সামাজিক মাধ্যমত বহুতেই শিলাবৃষ্টিৰ ফটো শ্বেয়াৰ কৰি ফাগুনৰ বৰষুণত তিতাৰ হেঁপাহ প্ৰকাশ কৰিছে যদিও বহুতৰে বাবে এই শিলাবৃষ্টি শংকাৰো কাৰণ হৈ পৰিছে৷
বহুতেই শ্বেয়াৰ কৰিছে নষ্ট হোৱা সৰিয়হ একোডৰা কোনোবাই আকৌ শ্বেয়াৰ কৰিছে ৰঙালাউ, পান আদি নষ্ট হোৱাৰ ফটো৷ শিল বৰষুণ হ’লেও ফুৰ্টি কৰা একাংশক সমালোচনা কৰিছে সামাজিক মাধ্যমত৷ শিল বৰষুণ হ’লেও ফুৰ্টি কৰা মানুহ এইখন অসমতে আছে৷
এজাক শিলাবৃষ্টিতেই অসমক কাশ্মীৰ, ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰা মানুহ অসমতেই আছে৷ অসম কাশ্মীৰো নহয়, চুইজাৰলেণ্ডো নহয়৷ অসমত শিল বৰষুণ হ’লে মানুহৰ লাভ নহয় বৰঞ্চ লোকচান হয়৷ ফটোত তাৰেই উদাহৰণ৷ সচাঁই আমি সততে দেখা ফটোবোৰৰ মাজতো হেৰাই যায় বহু ফটো। এই ফটোবোৰতে থাকে জীৱনৰ আচল সত্য। সেয়েহে একাংশ নেটিজেনে লিখিছে- যিসকলে আকৌ অসমক ছুইজাৰলেণ্ড বুলি ভাবি আছে, তেখেতসকললৈ সমবেদনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















