অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে সকলোতেই যে পাৰদৰ্শিতা দেখুৱাব তেনে কোনো কথা নাথাকে৷ আইপিএল ২০২৩ আৰম্ভৰ প্ৰাকমুহূৰ্তত ভাইৰেল হৈ পৰিছে বিৰাট কোহলিৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট৷ স্কুলীয়া জীৱনত পঢ়া-শুনাত কেমে আছিল বিৰাট সেই কথা জানিবলৈ বহুতৰেই কৌতুহল থাকে৷ খেলুৱৈ হিচাপে বিৰাটে বিশ্বৰ কোটি কোটি জনতাৰ মন মুহিলেও স্কুলীয়া জীৱনত সাধাৰণ গণিত বিষয়ত বিৰাটে পোৱা নম্বৰক লৈ চলিছে চৰ্চা৷

২০০৪ চনত দশম শ্ৰেণীৰ পৰীক্ষা দিছিল বিৰাটে৷ পঢ়াৰ কথাক লৈ বিৰাটে বহুসময়ত কৈছে,‘স্কুলত পাছ কৰা নম্বৰ পাবলৈ মই যিমান কষ্ট কৰিছিল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হ’বলৈ মই সিমান কষ্ট কেতিয়াও কৰা নাই।’ বিশেষকৈ গণিতত পাছ মাৰ্ক লাভ কৰিবলৈ বিৰাটে বহুত কছৰৎ কৰিবৱলগীয়া হৈছিল সেই কথা কোহলিয়ে নিজেই প্ৰকাশো কৰিছিল৷
উল্লেখ্য দশম শ্ৰেণীত কোহলীয়ে গণিতত মুঠ ৫১ নম্বৰ লাভ কৰিছিল। সমাজ বিজ্ঞানত পাইছিল ৮১ নম্বৰ। ইংৰাজী আৰু হিন্দীত তেওঁৰ নম্বৰ ক্ৰমে ৮৩ আৰু ৭৫। বিজ্ঞান কোহলীয়ে লাভ কৰিছিল ৫৫ নম্বৰ৷ কোহলীৰ মাৰ্কশ্বীটত এঠাইত ৰঙা আখৰেৰে ক্ৰীড়া দেখুওৱা হৈছে, হয়তো সেয়া কোহলিয়ে নিজেই সম্পাদনা কৰিছিল। তেওঁৰ বাবে স্কুলৰ বিষয়সমূহতকৈ গুৰুত্বপূৰ্ণ আছিল খেলা-ধূলা। বিৰাটে ইংগিতসূচক ভাষাত ছবিখনৰ কেপচনো দিছে। তেওঁ এই সন্দৰ্ভত লিখিছে, ‘মজাৰ কথাটো হ’ল যে মাৰ্কশ্বীটত যিবোৰ কথা গুৰুত্বপূৰ্ণ নহয়, সেইবোৰ কথা প্ৰায়ে চৰিত্ৰ গঠনত গুৰুত্বপূৰ্ণ হৈ পৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















